ETV Bharat / state

DRDO Scientists visit Tezpur University: বিশ্ববিদ্যালয়ৰ অধ্যাপকক সাক্ষাৎ ডি আৰ ডি অ’ৰ বিজ্ঞানীৰ

author img

By

Published : Oct 18, 2022, 10:58 PM IST

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকক সাক্ষাৎ ডি আৰ ডি অ’ৰ বিজ্ঞানীৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ লগতে প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ বিজ্ঞানীৰ এটা দলে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকক সাক্ষাৎ কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয় আৰু ডি আৰ ডি অ’ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয় এই সাক্ষাৎ কালত (DRDO scientists in Tezpur university)৷

তেজপুৰ, 18 অক্টোবৰ : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ লগতে প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ বিজ্ঞানীৰ এটা দলে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকক সাক্ষাৎ কৰে (DRDO scientists in Tezpur university) ।

মঙলবাৰে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই সন্দৰ্ভত জনায় যে, বিজ্ঞানীৰ দলটোৰ নেতৃত্বত আছিল জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ উপেন্দ্ৰ কুমাৰ সিং । উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে ডি আৰ ডি অ'ৰ দলটোৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (ভাৰপ্ৰাপ্ত) অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, পঞ্জীয়ক ড৹ বীৰেন দাস, গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি)ৰ ডীন অধ্যাপক ধনপতি ডেকাৰ লগতে মুৰব্বীসকলক সাক্ষাৎ কৰে ৷

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ ব’ৰ্ড ৰূমত বিজ্ঞান বিদ্যালয় আৰু অভিযান্ত্ৰিক বিভাগসমূহৰ মুৰব্বীসকলৰ লগত এক আলোচনাত মিলিত হয় দলটো । দলটোৱে ভৱিষ্যতে তেজপুৰ বিশ্ববিদ্যালয় আৰু ডি আৰ ডি অ’ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বিষয়ে আলোচনা কৰে (Collaboration between Tezpur University and DRDO) ।

ডি আৰ ডি অ’ই তেওঁলোকৰ গৱেষণামূলক কাৰ্যকলাপ আৰু ভৱিষ্যতৰ সহযোগিতাৰ পৰিসৰো এই আলোচনাত উপস্থাপন কৰে ।

ড৹ উপেন্দ্ৰ কুমাৰ সিঙে তেজপুৰৰ ডি আৰ এলৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয় আৰু ডি আৰ ডি অ’ৰ মাজত ফলপ্ৰসূ সহযোগিতাৰ বাবে সম্ভাব্য গৱেষণা ক্ষেত্ৰসমূহৰ ওপৰতো আলোকপাত কৰে । অনুষ্ঠানত অধ্যাপক ধনপতি ডেকাৰ কৃতজ্ঞতা জ্ঞাপনৰ পাছতে অনুষ্ঠানটোৰ সামৰণি পৰে ।

লগতে পঢ়ক: GU PGSU Election : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.