ETV Bharat / state

Detonator blast in Bhalukpung : শোণিতপুৰৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণ

author img

By

Published : Jan 5, 2023, 8:22 PM IST

Updated : Jan 5, 2023, 10:23 PM IST

Detonator blast in Sonitpur
শোণিতপুৰৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণ

শোণিতপুৰৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণ হৈ ছাত্ৰী আহত ৷ গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত (Detonator blast in Bhalukpung)৷

শোণিতপুৰৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণ

তেজপুৰ, ৫ জানুৱাৰী : ভালুকপুঙত ভয়ংকৰ দুৰ্ঘটনা ৷ ডিট’নেটৰ বিস্ফোৰণ হৈ এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত (Detonator blast in Sonitpur)৷ ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত সংঘটিত হয় এই ঘটনা (Blast at Bhalukpong Sonitpur)৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি থকা এটা ডিট'নেটৰ ঘৰলৈ লৈ অহাৰ পাছত ঘৰতে বিস্ফোৰিত হয় ৷ ইতিমধ্যে আহত ছাত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ(Tezpur medical college) হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত এই অঘটন সংঘটিত হয় । উক্ত গাঁওখন শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা প্ৰায় 45 কিলোমিটাৰ নিলগত । ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি থকা ডিট’নেটৰ ঘৰলৈ লৈ অহাৰ পাছত ভয়ংকৰ ঘটনাটো সংঘটিত হয় । বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত বিদ্যালয়লৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত উক্ত সামগ্ৰীখিনি পথৰ দাঁতিত সামগ্ৰীসমূহ পৰি থকা দেখা পাই ঘৰলৈ লৈ যায় আৰু পঢ়া টেবুলত ৰাখি থয় ৷

পঢ়া টেবুলত ৰাখি থোৱা ডিট’নেটৰটো বিয়লি প্ৰায় ৪ মান বজাত বিস্ফোৰণ ঘটি ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় । ফলত ছাত্ৰীগৰাকীৰ এটা চকুৰ ক্ষতিসাধন হয় ৷ আহত ছাত্ৰীগৰাকীক লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে(Sonitpur additional SP Madhurima Das) ইটিভি ভাৰতক জনায় যে বৃহস্পতিবাৰে বিয়লি বাণ্ডুগুৰি গাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত কেবাটাও ডিট’নেটৰ পৰি থকা অৱস্থাত পাই ঘৰলৈ লৈ আনে । দাসে জনোৱা মতে ঘৰত ডিট’নেটৰকেইটা টেবুলত থোৱাৰ পিছত দুটা ডিট’নেটৰ বিস্ফোৰণ হৈ ছাত্ৰীগৰাকীৰ আঙুলি ছিঙি যায় ।

লগতে তেওঁ জানিবলৈ দিয়ে যে চাৰিটা ডিটেনেটৰ বৰ্তমানেও ছাত্ৰীগৰাকীৰ ঘৰতে আছে । এয়া অৰুণাচল প্ৰদেশৰ সীমান্তৰ সিপাৰে ভালুকপুঙত পথ নিৰ্মাণৰ বাবে শিল বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰা ডিট’নেটৰ আৰু পথৰ দাঁতি শিলৰ লগত ৰখা হৈছিল অসাৱধানৱশতঃ ৷ উল্লেখযোগ্য যে শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ(Assam Arunachal border in Sonitpur) পথ নিৰ্মাণৰ বাবে পথ নিৰ্মানকাৰী সংস্থাই এই ডিট’নেটৰ পাহাৰ বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰে ।

লগতে পঢ়ক: Assam woman in Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

Last Updated :Jan 5, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.