ETV Bharat / state

SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী

author img

By

Published : Aug 25, 2021, 5:38 PM IST

SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী
SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী

চাইকেল ৰেলীত শসস্ত্ৰ সীমাবলৰ ১৭ জনীয়া জোৱানৰ দল এটাই অংশ গ্ৰহণ কৰিছে ৷ তেজপুৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত ৰাজঘাটত অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷

তেজপুৰ, 25 আগষ্ট: ভাৰতবৰ্ষৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী উপলক্ষে বুধবাৰে তেজপুৰ আৱৰ্ত ভৱনৰ পৰা শসস্ত্ৰ সীমা বলৰ উদ্যোগত আৰম্ভ হয় এক বিশেষ চাইকেল ৰেলী ৷ এই চাইকেল ৰেলীত শসস্ত্ৰ সীমাবলৰ ১৭ জনীয়া জোৱানৰ দল এটাই অংশ গ্ৰহণ কৰিছে ৷ তেজপুৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত ৰাজঘাটত অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷

ssb-opening-to-cycle-rally-to-azadika-amrit-mahotsav
SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী

মুঠ ২৩৮৪ কিঃমিঃ সামৰি হ’ব লগীয়া এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে সেনাৰ চতুৰ্থক’ৰৰ জিঅচি লেফ্টনেন্ট জেনেৰেল ৰবিন খোচলাই ৷ চাইকেল ৰেলী শুভাৰম্ভ কৰি খোচলাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে, ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৬২ চনত ভাৰত চীন যুদ্ধৰ সময়ত অসম ভ্ৰমণ কৰাৰ পিছত তেজপুৰৰ আৱৰ্ত ভৱনত দুৰ্গত ভাৰতবাসীক উদ্ধাৰৰ বাবে এটি দল গঠন কৰিছিল ৷ সেই দলটোকে ১৯৬৩ চনৰ ২০ ডিচেম্বৰত প্ৰথম শসস্ত্ৰ সীমা বাহিনী হিচাপে সীমান্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷

SSB ৰ আজাদী অমৃত মহোৎসৱৰ উপলক্ষে চাইকেল ৰেলী

লগতে পঢ়কঃ ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

একেদৰে ২০০১ চনত শসস্ত্ৰ সীমা বল ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনলৈ হস্তান্তৰ হয় ৷ ভাৰতৰ সীমান্তৰ অতন্দ্ৰ প্ৰহৰী আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত শসস্ত্ৰ সীমা বলে পৰবৰ্তী সময়ত ১৯৬৫ আৰু ১৯৭১ চনত ক্ৰমে ভাৰত চীন আৰু কাৰ্গিল যুদ্ধত ভাৰতৰ অখণ্ডতাৰ হকে যুঁজ দিয়ে ৷ সম্প্ৰতি ভাৰতবৰ্ষৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী উপলক্ষে SSB জোৱান সকলে তেজপুৰ, গুৱাহাটী, পশ্চিমবংগ, পাটনা, এছএছবিৰ একাডেমি ভূপাল, উত্তৰ প্ৰদেশ হৈ অহা ২ অক্টোবৰত ৰাজঘাটত উপস্থিত হ’ব ৷

বুধবাৰে চাইকেল ৰেলীটোৰ শুভাৰম্ভ অনুষ্ঠানত তেজপুৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিনোদ কুমাৰ জৈনেও অংশগ্ৰহণ কৰে ৷ একেদৰে চাইকেল ৰেলীৰ দলটোৱে বিভিন্ন স্থানত ক’ভিড মহামাৰীৰ প্ৰতিৰোধপ বাবে ভেকচিন প্ৰদানৰ সজাগতা বাবেও কাৰ্যসূচী হাতত লৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.