Illegal weapons seized : শোণিতপুৰত জব্দ দুটা পিষ্টল আৰু ৭ জাই সজীৱ গুলী

author img

By

Published : Jul 29, 2022, 7:27 PM IST

Illegal weapons seized

এইবাৰ শোণিতপুৰত উদ্ধাৰ হ’ল অবৈধ মাৰনাস্ত্ৰ (Sonitpur police seized illegal weapons)৷ শোণিতপুৰ আৰক্ষীৰ অভিযানত জব্দ হয় দুটা পিষ্টল আৰু ৭ জাই সজীৱ গুলী ৷

তেজপুৰ, ২৯ জুলাই : যি সময়ত অসমত জেহাদীৰ কাৰ্যকলাপ অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে (Jihadi in Assam) ৷ ঠিক সেই সময়তে অসম আৰক্ষীৰ অভিযানত শোণিতপুৰত জব্দ হৈছে অবৈধ মাৰনাস্ত্ৰ (Sonitpur police seized illegal weapons) ৷

তথ্য অনুসৰি, শোণিতপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাভ কৰিছিল এক বিশেষ খবৰ ৷ এই খবৰৰ আলমতেই শোণিতপুৰ আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা কলাকুছিৰ বেলশিৰিত চলাই এক অভিযান ৷ শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্ব চলা এই অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ পিষ্টল ৷

Illegal weapons seized
শোণিতপুৰত জব্দ হৈছে অবৈধ মাৰনাস্ত্ৰ

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বেলিশিৰিৰ দৈমালু চেন্টাৰৰ সমীপৰ জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে পিষ্টল দুটা ৷ আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰা 9MM আৰু 7.6MM পিষ্টল দুটাৰ লগতে এটা বেগৰ পৰা জব্দ কৰা হৈছে 7 জাঁই সজীৱ গুলী ৷ কোনো লোকে সেই নিৰ্দিষ্ট স্থানৰ পৰা পিষ্টল দুটা লৈ যোৱাৰ কথা আছিল ৷

অৱশ্যে এই সন্দৰ্ভত শোণিতপুৰ আৰক্ষীৰ হাতত আছিল আগতীয়া খবৰ থকাৰ বাবে সেই স্থানত খাপ পিটি আছিল আৰক্ষীৰ এটা দল ৷ কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই নিৰ্দিষ্ট স্থানলৈ পিষ্টলকেইটা নিবলৈ নাহিল কোনো লোক ৷ বাতৰি যুগুত কৰা পৰলৈকে এই ঘটনাৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই শোণিতপুৰ আৰক্ষীয়ে ৷

অৱশ্যে ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Jihadi in Assam: ৰাজ্যৰ চুকে-কোণে পোখা মেলিছে বাংলাদেশী জেহাদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.