কৰিমগঞ্জৰ বিনোদিনিত মাৰণাস্ত্ৰসহ আটক দুজন

author img

By

Published : Jun 7, 2022, 10:33 AM IST

Karimganj police operation

দেওবাৰে কৰিমগঞ্জৰ বিনোদিনি এলেকাত নিলামবজাৰ আৰক্ষীৰ অভিযান (Karimganj police operation) ৷ আভিযান এটা .22 পিষ্টল, এটা মেগজিন আৰু 6 জাঁই সজীৱ গুলীসহ নগদ 31,000 টকা জব্দ । লগতে ঘটনা সন্দৰ্ভত আটক ৰাজু আহমেদ আৰু আলাল আহমেদ নামৰ দুজন লোকক (Karimganj police detained two persons with arms) ৷

কৰিমগঞ্জ, 7 জুন : কৰিমগঞ্জ আৰক্ষীৰ আন এক সফলতা ৷ দেওবাৰে কৰিমগঞ্জৰ বিনোদিনি এলেকাত নিলামবজাৰ আৰক্ষীৰ এটা চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে এটা .22 পিষ্টল, এটা মেগজিন আৰু 6 জাঁই সজীৱ গুলীসহ নগদ 31,000 টকা জব্দ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীৰ দলটোৱে এই ঘটনা সংক্ৰান্তত দুজন লোককো আটক কৰিবলৈ সক্ষম হয় (Karimganj police detained two persons with arms)৷

নিলাম বজাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া থানাৰ সূৰজ দত্তই উল্লেখ কৰা অনুসৰি, দেওবাৰে বিনোদিনি এলেকাৰ ৰাজু আহমেদ নামৰ এজন যুৱকে এটা অবৈধ মাৰণাস্ত্ৰ লুকুৱাই ৰখাৰ এক তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ আধাৰতে আৰক্ষী বিষয়া থানাৰ সূৰজ দত্তৰ নেতৃত্বত নিলাম বজাৰ আৰক্ষীৰ এটা দলে চলাই এক অভিযান (Karimganj police operation)৷

কৰিমগঞ্জৰ বিনোদিনিত মাৰণাস্ত্ৰসহ আটক দুজন

এই অভিযান আৰক্ষীৰ দলটোৱে প্ৰথমে বিনোদিনি এলেকাত অভিযান চলাই ৰাজু আহমেদ নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তাৰ পিছত ৰাজু আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত আলাল আহমেদ নামৰ আন এজন লোকৰ ঘৰৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

তথ্য অনুসৰি, আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ৰাজু আহমেদ আৰু আলাল আহমেদে ক’ৰ পৰা, কেনেকৈ এই অবৈধ মাৰণাস্ত্ৰ আনিলে সেই সন্দৰ্ভত আৰক্ষীৰ দলটোৱে তদন্ত আৰম্ভ কৰিছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : আশ্ৰয় দিয়া প্ৰতিবেশীৰ হাততে প্ৰাণ গ’ল চাহ মজদুৰ নেতা ৰাজু গোৱালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.