Assam Police Modernization : কেন্দ্ৰৰ পুঁজি কৰ্তনত বাধাপ্ৰাপ্ত আৰক্ষী আধুনিকীকৰণ প্ৰক্ৰিয়া

author img

By

Published : Jul 29, 2022, 5:43 PM IST

Assam POlice

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তথ্য মতে, ২০২১-২২ চনত আৰক্ষীৰ আধুনিকীকৰণৰ বাবে কেন্দ্রই ২৬.৪০ কোটি টকাৰ অনুমোদন দিছিল (Centre sanctioned 26 crore for police modernization) । ইয়াৰে কেইবা কোটি টকা পাবলৈ আছে যদিও সেই পুঁজি কেন্দ্রই মোকলাই দিব বুলিয়েই বিভিন্ন প্ৰকল্পৰ কাম চলি আছে । কিন্তু চলিত ২০২২-২৩ চনত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ বছৰতকৈ আধাতকৈও বেছি পুঁজি কমাই দিয়াৰ প্ৰস্তাৱ কৰিছে (Central Government proposed to reduce funds in this year) ।

গুৱাহাটী, ২৯ জুলাই : ৰাজ্যত বিভিন্ন অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে অসমত জেহাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে (jihadi activities rises in Assam) । অসম আৰক্ষীৰ শেহতীয়া তথ্য মতে, ৰাজ্যত চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । এইবোৰ মোকাবিলা কৰাৰ বাবে অসম আৰক্ষী বিশেষভাৱে সক্ষম কৰি গঢ়ি তোলাত চৰকাৰ ব্যৰ্থ হোৱা দেখা গৈছে ।

কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণ শিতানৰ ধন হ্ৰাস কৰাত অসম আৰক্ষী আধুনিকীকৰণ বাধাপ্ৰাপ্ত হৈ পৰিছে (Central Government reduced Assam Police modernization funds) । ৰাজ্যত আৰক্ষীৰ আধুনিকীকৰণৰ বিভিন্ন প্রকল্পৰ কাম চলি আছে (Various police modernization projects underway in Assam) । তেনে অৱস্থাত পূৰ্বৰ বছৰতকৈ আধাতকৈও বেছিপুঁজি কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিছে । সেয়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে চলি থকা কামসমূহ সম্পূর্ণ কৰাত অসম চৰকাৰ সমস্যাৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি আৰক্ষী আধুনিকীকৰণৰ কাম কেইবা বছৰৰপৰা চলি আছে । আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক ব্যৱস্থা, চাইবাৰ অপৰাধীক প্রতিহত কৰাৰ বাবে অত্যাধুনিক ব্যৱস্থা (Modern measures to prevent cyber criminals), নতুন ফৰেনচিক কেন্দ্র স্থাপন কৰা, আৰক্ষী থানা আধুনিকীকৰণ কৰা, অপৰাধ নিয়ন্ত্ৰণ আৰু অনুসন্ধানৰ বাবে সুকীয়া ব্যৱস্থা কৰাকে ধৰি বিভিন্ন কাম কেইবা বছৰৰপৰা কৰি থকা হৈছে । ৰাজ্যৰ শতাধিক থানাত আধুনিক ব্যৱস্থা নাই ।

আনকি বহু থানাত টেলিফোন, গাড়ী, বিদ্যুতৰ অভাৱ হোৱাত অসুবিধা হৈছে । অপৰাধীক ধৰিবলৈ আৰু অনুসন্ধানৰ বাবে গাড়ীৰো অভাৱ । তেনে বিভিন্ন কাম কেইবা বছৰ ধৰি পৰ্যায়ক্রমে কৰি থকা হৈছিল । আৰক্ষীৰ আধুনিকীকৰণৰ এই কাম-কাজ অহা দুটা বছৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । কিন্তু ধনৰ অভাৱত হঠাৎ কেন্দ্ৰীয় চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণৰ পুঁজি কৰ্তন কৰিছে । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তথ্য মতে, ২০২১-২২ চনত আৰক্ষীৰ আধুনিকীকৰণৰ বাবে কেন্দ্রই ২৬.৪০ কোটি টকাৰ অনুমোদন দিছিল (Centre sanctioned 26 crore for police modernization) ।

ইয়াৰে কেইবা কোটি টকা পাবলৈ আছে যদিও সেই পুঁজি কেন্দ্রই মোকলাই দিব বুলিয়েই বিভিন্ন প্ৰকল্পৰ কাম চলি আছে । কিন্তু চলিত ২০২২-২৩ চনত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ বছৰতকৈ আধাতকৈও বেছি পুঁজি কমাই দিয়াৰ প্ৰস্তাৱ কৰিছে (Central Government proposed to reduce funds in this year) । চলিত বছৰত মাত্র ১১.৬৪ কোটি টকাহে প্ৰস্তাৱ কৰা হৈছে । প্ৰস্তাৱ কৰা পুঁজিৰো নিৰ্দিষ্ট সময়ত কিমান কর্তন কৰে তাৰ নিশ্চয়তা নাই ।

আধুনিকীকৰণৰ কাম অব্যাহত থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পুঁজি হ্ৰাস কৰাত অসম আৰক্ষীৰ আধুনিকীকৰণ বাধাপ্ৰাপ্ত হৈ পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত (Chief Minister Himanta Biswa Sarma) ভুৱা এনকাউণ্টাৰত ব্যস্ত ৰখা অসম আৰক্ষীৰ আধুনিকীকৰণৰ পুঁজিৰ বাবে কেন্দ্ৰৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিদৰে হেঁচা দিয়ে সেয়া সময়হে ক'ব ।

লগতে পঢ়ক :Pension Sewa Kendra in Guwahati : ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.