ETV Bharat / state

PMAY Scheme: শোণিতপুৰ জিলাৰ ৮২ টা পঞ্চায়তৰ অধীনত ৩ লক্ষাধিক PMAY গৃহ নিৰ্মাণ

author img

By

Published : Aug 18, 2023, 8:05 PM IST

শোণিতপুৰ জিলাত মুঠ 31290 টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰস্তুত হৈ উঠিছে ৷ ইফালে শোণিতপুৰ জিলালৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱণ্টন হৈছে 8480.09 লাখ কোটি টকা ৷

PMAY Scheme
PMAY Scheme

তেজপুৰ, ১৮ আগষ্ট: শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ তৰফৰ পৰা পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিগত 2019-20 বৰ্ষত 5466.43 কোটি, 2020-21 বৰ্ষত 7022.64 কোটি, 2021-22বৰ্ষত 8279.88 কোটি, 2022-23 বৰ্ষত 8480.09 কোটি টকা আৱণ্টন হৈছে ৷ আনহাতে 2023-24 চলিত বিত্তীয় বৰ্ষৰ বৰ্তমানলৈকে 3491.49 কোটি টকা আৱণ্টন হৈছে ।

PMAY Scheme
শোণিতপুৰ জিলাৰ ৮২ টা পঞ্চায়তৰ অধীনত ৩ লক্ষাধিক PMAY গৃহ নিৰ্মাণ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত গৃহহীন লোকক গৃহ-নিৰ্মাণৰ বাবে এক বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰে আৰু সেই গৃহ নিৰ্দিষ্ট পঞ্চায়তৰ জৰিয়তে প্ৰদান কৰে । শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ 7 টা উন্নয়ন খণ্ড আছে ৷ তাৰ ভিতৰত বালিপৰা ,বিহগুৰি, বৰছলা, ঢেকীয়াজুলি, গাভৰু, ন-দুৱাৰ আৰু ৰঙাপৰা বাবে এই ধনৰ আৱণ্টন হয় ।

PMAY Scheme
নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰধানমন্ত্ৰী আৱস যোজনা গৃহ

আনহাতে একেই উন্নয়ন খণ্ডৰ বাবে জিলাখনৰ পাঁচটা সমষ্টিৰ বাবে 2016-17 বিত্তীয় বৰ্ষৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত জিলাখনত মুঠ 48292 টা আৱাস নিৰ্মাণৰ লক্ষ্য কৰা হৈছিল ৷ ইয়াৰ ভিতৰত পঞ্জীয়নভুক্ত হোৱা ঘৰৰ সংখ্যা আছিল 53339 টা ।

এই পঞ্জীয়ন কৰা ঘৰৰ তালিকাৰ ভিতৰত জিঅ’ টেগ থকা সংখ্যা আছিল 51468 টা আৰু চৰকাৰীভাৱে গৃহীত হোৱা জিঅ’ টেগ থকা ঘৰৰ সংখ্যা 48229 টা । জিলাখনত মুঠ 47862 গৰাকী হিতাধিকাৰীক আঁচনিৰ বাবে নিৰ্বাচন কৰা হয় ৷ ইতিমধ্যে চৰকাৰে একেলগে এই যোজনাৰ অধীনত 1 লাখ লোকৰ গৃহ প্ৰৱেশ নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে ।

শোণিতপুৰ জিলাৰ পঞ্চায়তসমূহৰ অধীনত অসমৰ সকলো হিতাধিকাৰীৰ দৰে প্ৰতিজনে এই আৱাসৰ বাবে প্ৰথম কিস্তিত 32,500 টকা লাভ কৰে আৰু দ্বিতীয় আৰু তৃতীয় কিস্তিত 48,750 টকা দুবাৰকৈ লাভ কৰে ৷ অৰ্থাৎ এটা গৃহ নিৰ্মাণৰ বাবে মুঠ 1,30,000 টকা লাভ কৰে । এই তিনিটা কিস্তি লাভ কৰাৰ পিছত জিলাখনত সাতটা উন্নয়ন খণ্ডৰ অধীনত মুঠ 31290 টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামাঞ্চলৰ গৃহ প্ৰস্তুত হৈ উঠিছে ৷

অৰ্থাৎ 40,38,700 টকা প্ৰধানমন্ত্ৰী আৱাসৰ বাবে জিলাখনৰ 82 টা গাঁও পঞ্চায়তৰ অধীনত বিনিয়োগ কৰা হৈছে ৷ বাকী 17,002 টা গৃহ নিৰ্মাণৰত অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.