ETV Bharat / state

Separate Kamatapur state : গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?

author img

By

Published : Jan 7, 2023, 4:07 PM IST

KLO ই কোৱাৰ দৰে সঁচাকৈয়ে গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য (Separate Kamatapur state)? তেজপুৰত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া (Sankarjyoti Barua on Separate Kamatapur state)৷

Sankarjyoti Barua comments on Separate Kamatapur state
অসম চুক্তিখন উত্তম চুক্তি আছিল

অসম চুক্তিখন উত্তম চুক্তি আছিল

তেজপুৰ, ৭ জানুৱাৰী : ‘‘কমতাপুৰ নতুন ৰাজ্য গঠন হ’ব ৷ সেই কথা KLO ৰ দুগৰাকীমান সদস্যৰ প্ৰেছ বিজ্ঞপ্তিৰ পৰা জানিব পাৰিছো ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য আমি শুনা নাই ৷ সেই বাবে আছুৰ মজিয়াতো এই বিষয়ে আলোচনা হোৱা নাই (Sankarjyoti Barua on Separate Kamatapur state)৷

যেতিয়া চৰকাৰৰ ফালৰ পৰা বক্তব্য আগবঢ়াব, তেতিয়াহে আমি বিষয়টো সন্দৰ্ভত আলোচনাত বহিম ৷’’ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনত (Sonitpur AASU annual conference) শুকুৰবাৰে নিশা উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

লগতে তেওঁ কয়, ‘‘KLO ৰ বিষয়ববীয়াই কোৱাৰ দৰে ২৬ জানুৱাৰীত নতুন ৰাজ্য ঘোষণা হ’ব আৰু তাতে অবিভক্ত গোৱালপাৰাক সামৰি লোৱা কথাটো আমাৰ মনে ধৰা নাই ৷ কাৰণ 1 জানুৱাৰীৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জিলা প্ৰশাসনিক নিৰ্বাচন আয়োগে কোনো সালসলনি নহ’ব বুলি ঘোষণা কৰিছে’’ ।

Sankarjyoti Barua comments on Separate Kamatapur state
গঠন হ’ল শোণিতপুৰ আছুৰ নতুন কমিটী

আনকি অসমত বাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সকলো ফালৰ পৰা সৰ্বাংগীন উন্নতি হওঁক তাৰে কামনা কৰো বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আনহাতে, NRC সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় (NRC in Assam), ‘‘অসম চুক্তি যি সময়ত হৈছিল সেই সময়ত এই চুক্তিখন উত্তম চুক্তি আছিল (Sankarjyoti Barua on Assam Accord) ৷

অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পৰা সকলো কথা চুক্তিখনত লিপিৱদ্ধ আছিল ৷ সেই অসম চুক্তিখন আখৰে আখৰে পালন কৰাৰ দায়িত্ব প্ৰতিখন চৰকাৰৰ আছিল ৷ কিন্তু শাসনৰ গাদীত যিমানবিলাক চৰকাৰ আহিলে, কোনেও সেই ব্যৱস্থাটো কাৰ্যকৰী নকৰিলে ৷ যাৰ বাবে আজি অসমীয়াই অস্তিত্ব ৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিব লগাত পৰিছে’’ ৷

ইফালে শনিবাৰে পুৱতি নিশা শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থা ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনত গঠন হ’ল এখন নতুন কমিটী । নৱ নিৰ্বাচিত কমিটীখনৰ সভাপতি পদত আভিজিৎ নাথ আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে অৰূপ তালুকদাৰে । মুঠ ৪২ গৰাকী সদস্যৰে বিষয়বাচনি সভাত নিৰ্বাচিত হয় শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এই কমিটীখন (Sonitpur AASU formed New Committee)।

শনিবাৰে সংবাদ মাধ্যমৰ আগত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰে কয় যে তেজপুৰৰ জনসাধাৰণৰ পৰামৰ্শৰে আছুয়ে এক শক্তিশালী ৰূপত নিজৰ স্থিতি গ্ৰহণ কৰিছে । সাংস্কৃতিক নগৰী তেজপুৰৰ লগতে জিলাখনৰ শৈক্ষিক দিশত জিলা ছাত্ৰ সন্থাই আগন্তুক সময়ত ভালদৰে কাম কৰি যাবলৈ সদাপ্ৰস্তুত ।

লগতে পঢ়ক : AASU on Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয়: শংকৰজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.