ETV Bharat / state

River Ranching Program: গাভৰু নদীত এক লাখ মাছৰ পোনা মেলিলে মীন বিভাগে

author img

By

Published : Nov 10, 2022, 10:26 PM IST

প্ৰধানমন্ত্রী মৎস সম্পদ যোজনাৰ (Pradhan Mantri Matsya Sampada Yojana) অধীনত বৃহস্পতিবাৰে শোণিতপুৰ জিলাত ৰিভাৰ ৰেঞ্চিং এক কাৰ্যসূচী (River Ranching Program) অনুষ্ঠিত কৰা হয় । প্ৰধানমন্ত্ৰী মৎস‍্য সম্পদ যোজনাৰ ২০২১-২২ অধীনত শোণিতপুৰ জিলাৰ মীন বিভাগৰ দ্বাৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গাভৰু নদীত এক লাখ মাছৰ পোনা মেলি দিয়া হয় ।

River Ranching Program held in Sonitpur
গাভৰু নদীত এক লাখ মাছৰ পোনা মেলিলে মীন বিভাগে

তেজপুৰ, ১০ নৱেম্বৰ: প্ৰধানমন্ত্রী মৎস সম্পদ যোজনাৰ (Pradhan Mantri Matsya Sampada Yojana) অধীনত বৃহস্পতিবাৰে শোণিতপুৰ জিলাত ৰিভাৰ ৰেঞ্চিং এক কাৰ্যসূচী (River Ranching Program) অনুষ্ঠিত কৰা হয় । প্ৰধানমন্ত্ৰী মৎস‍্য সম্পদ যোজনাৰ ২০২১-২২ অধীনত শোণিতপুৰ জিলাৰ মীন বিভাগৰ দ্বাৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গাভৰু নদীত এক লাখ মাছৰ পোনা মেলি দিয়া হয় ।

আজিৰ এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত থাকি আনুষ্ঠানিকভাৱে গাভৰু নদীৰ ঘাটত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । জিলা মীন উন্নয়ন বিষয়াগৰাকীয়ে কয় যে মাছৰ প্ৰজ্বনন ক্ষমতা বৃদ্ধি তথা বংশবৃদ্ধিৰ উদ্দেশ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । জীয়ন দিয়া মাছে প্ৰাকৃতিক জলাশয়ত প্ৰজননৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰি আঁচনিখন সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতাৰ আশা প্ৰকাশ কৰে ।

এই অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে মাছমৰীয়া, মহিলা গোটৰ সদস্যা, খণ্ড উন্নয়ন বিষয়াকে প্ৰমূখ্যে কৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে মীন খণ্ডৰ বিকাশ আৰু উন্নয়নৰ বাবে 'প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা' (PMMSY) আৰম্ভ কৰিছিল । এই আঁচনিৰ অধীনত চৰকাৰে মৎস পালনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অনুদান বা ৰাজসাহায্যৰ ৰূপত সহায় আগবঢ়ায় । ২০১৯ চনৰ ৫ জুলাইত ২০১৯–২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সময়ত ভাৰতৰ সংসদত ভাষণ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আঁচনিৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক: River Ranching Program: ব্ৰহ্মপুত্ৰত এক লাখ মাছৰ পোনা মেলিলে মন্ত্রী পৰিমল শুক্লবৈদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.