ETV Bharat / state

Republic Day 2023 : তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Jan 26, 2023, 10:42 AM IST

শোণিতপুৰ জিলাৰ তেজপুৰৰ নেহৰু মৈদানত প্ৰশাসনে আয়োজন কৰিছে গণৰাজ্য দিৱসৰ । এই দিৱসত পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta hoists flag at Tezpur)। ভাষণ প্ৰসংগত অসম তথা শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।

Republic Day
তেজপুৰত গণৰাজ্য দিৱস পালন

তেজপুৰ, ২৬ জানুৱাৰী : আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অসমৰো প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ (Republic Day celebration in Assam)। বিভিন্ন জিলাত চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এই দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে । তেজপুৰ নেহৰু মৈদানত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে (Minister Keshab Mahanta hoists flag at Tezpur)।

সামৰিক অভিবাদন গ্ৰহণ কৰি তেওঁ জনসাধাৰণক সম্বোধন কৰি এই মাহেন্দ্ৰ-ক্ষণত ৰাজ্যৰ লগতে জিলাখনৰ সকলোলৈ আন্তৰিক শ্ৰদ্ধা, স্নেহ আৰু ওলগ জনাই পোনপ্ৰথমেই স্মৰণ কৰে সেইসকল বীৰ-বীৰাংগনা, জ্ঞাত-অজ্ঞাত স্বাধীনতা সেনানীক যাৰ অপৰিসীম ত্যাগ আৰু আত্ম বলিদানে সম্ভৱ কৰি তুলিছিল দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব অৰ্জনৰ অহিংস সংগ্ৰামখনক ৷ তেওঁ স্মৰণ কৰে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক (Martyrs of freedom movement)৷

তেওঁ শ্ৰদ্ধাৰে সুঁৱৰিলে বীৰাংগনা কনকলতা, মুকুন্দ কাকতি, মনবৰ নাথ, খহুলি দেৱী, লেৰেলা কছাৰী, ৰতন কছাৰী প্ৰমুখ্যে শোণিতপুৰ জিলাৰ বীৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুসকলক ৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা গহপুৰ আৰু ঢেকিয়াজুলি থানাত ব্ৰিটিছ চিপাহীৰ গুলীত প্ৰাণ আহুতি দিয়া সেইসকল শ্বহীদৰ উপৰিও লোকনায়ক অমিয় কুমাৰ দাস, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, ত্যাগবীৰ হেম বৰুৱা, বিজয় চন্দ্ৰ ভাগৱতী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি নমস্য স্বাধীনতা সেনানীৰ কথা অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰে (Freedom movement Martyrs of Assam)৷

তেজপুৰত গণৰাজ্য দিৱস পালন

তেওঁ লগতে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ এই শুভক্ষণত প্ৰতিগৰাকী শ্বহীদ আৰু মুক্তি যুঁজাৰুৰ চৰম ত্যাগ আৰু আত্ম-বলিদানৰ কথা সুঁৱৰি সশ্ৰদ্ধ প্ৰণিপাত জনায় ৷ তেওঁ কয় যে সংবিধান গৃহীত হোৱাৰ যোগেৰে বহু কষ্ট, ত্যাগ আৰু ক্লেশৰ বিনিময়ত অৰ্জন কৰা ভাৰতবৰ্ষৰ স্বাধীনতাই পূৰ্ণতা পাইছিল ৷ সংবিধান সভাই গৃহীত কৰা আমাৰ সংবিধানখনৰ জৰিয়তে এখন প্ৰগতিশীল সাৰ্বভৌম ৰাষ্ট্ৰৰ বুনিয়াদ স্থাপিত হৈছিল ৷

যুগদ্ৰষ্টা মনীষী ড॰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণিত ভাৰতবৰ্ষৰ সংবিধান গৃহীত হোৱাৰ সেই ঐতিহাসিক দিনটোৰ ৭৪ তম‌ বাৰ্ষিকী ৷ ড॰ আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সমূহ সদস্যকে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সুঁৱৰে মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে তেওঁ ভাষণ প্ৰসংগত কয় যে, শোণিতপুৰ জিলাৰ ঠেলামৰা অঞ্চলৰ উত্তম তাঁতী নামৰ এটি শিশুৱে বানপানীৰ সময়ত এগৰাকী মহিলাক পানীৰ পৰা উদ্ধাৰ কৰি যি সাহসিকতাৰ পৰিচয় দিছিল তাৰ বাবে ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই ৰাজ্য চৰকাৰে সাহসী শিশুটিক ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰে সন্মানিত কৰে ।

লগতে পঢ়ক :Republic Day in Assam : ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.