Republic Day in Assam : ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

author img

By

Published : Jan 25, 2023, 9:53 PM IST

Republic Day in Assam

এইবাৰৰ গণৰাজ্য দিৱত ৰাজ্যপালৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM to hoist Republic Day flag)৷ সাধাৰণতে ৰাজ্যপালগৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে যদিও এইবাৰ হ’ব ব্যতিক্ৰম ৷ ৰাজ্যপালৰ অনুপস্থিতিত মুখ্যমন্ত্ৰীয়ে কৰিব গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৷

গুৱাহাটী, ২৫ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে উলহ-মালহেৰে উদযাপন কৰা হ'ব ৭৪ সংখ্যক গণৰাজ্য দিৱস (Republic Day in Assam)। ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে । প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰৰ মূল অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপালে । আনহাতে স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে । অৱশ্যে এইবাৰ গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰণ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে পতাকা উত্তোলন কৰিব নাগালেণ্ডৰ কহিমাত ।

Republic Day in Assam
ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বত থকা অধ্যাপক জগদীশ মুখীয়ে এইবাৰ নাগালেণ্ড চৰকাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব ৷ যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব (Assam CM to hoist Republic Day flag)৷ কাইলৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব । পুৱা ৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব । সাধাৰণতে গণৰাজ্য দিৱসত ৰাজ্যপালে পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এইবাৰ ৰাজ্যপালৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব (Himanta Biswa Sarma to hoist Republic Day flag)। ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷ খানাপাৰাৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

ইফালে গুৱাহাটীৰ উপৰি ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱস উদযাপন কৰা হ'ব (74th Republic Day)। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ মন্ত্ৰীসকলক জিলাই জিলাই পতাকা উত্তোলনৰ বাবে দায়িত্ব অর্পণ কৰিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক কামৰূপ জিলাত, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মক বাক্সা জিলাত, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক নগাঁও, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলক নলবাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধুবুৰী, বি টি আৰ প্ৰধান প্ৰমোদ বড়োক কোকৰাঝাৰ জিলাত পতাকা উত্তোলনৰ দায়িত্ব দিয়া হৈছে ।

একেদৰে কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰাক গোলাঘাট, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক যোৰহাট, পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক হাইলাকান্দি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তক তেজপুৰ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনক ডিব্ৰুগড়, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণক তিনিচুকীয়া, বিত্তমন্ত্ৰী অজন্তা নেওগক শিৱসাগৰ, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰীকাক লখিমপুৰ, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াক মঙলদৈ আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাক শিলচৰত পতাকা উত্তোলনৰ দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো দেশবাসীয়ে গণৰাজ্য দিৱস হিচাবে উদযাপন কৰে ৷ ভাৰতৰ সংবিধান এই দিনটোতে কাৰ্যকৰী হৈছিল ৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় (Republic day significance)৷ এইবাৰ দেশে ইয়াৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব ৷ গণৰাজ্য দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয় ৷

লগতে পঢ়ক : Blast in Manipur: গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া মণিপুৰত বিস্ফোৰণ; আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.