ETV Bharat / state

Rapist sentenced 20 years imprisonment: বলাৎকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহিলে তেজপুৰ আদালতে

author img

By

Published : Apr 28, 2023, 1:37 AM IST

Updated : Apr 28, 2023, 9:31 AM IST

rapist sentenced 20 years imprisonment
3 বছৰৰ অন্তত বলাৎকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহিলে তেজপুৰ আদালতে

স্বস্তিৰ নিশ্বাস ল’লে এটা পৰিয়ালে ৷ তেজপুৰ আদালতে এক বিশেষ ৰায়দানত এটা বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহে (rapist sentenced 20 years imprisonment)৷

তেজপুৰ, ২৭ এপ্ৰিল: তিনিবছৰৰ অন্তত ন্যায় পালে এগৰাকী ধৰ্ষিতা কিশোৰীয়ে ৷ বৃহস্পতিবাৰে তেজপুৰ আদালতে এক বিশেষ ৰায়দানত এটা বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহে (rapist sentenced 20 years imprisonment)৷ উল্লেখযোগ্য যে, ২০২০ চনত এগৰাকী ১৫ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰিছিল উদয় মেচে (20 years imprisonment and imposed fine)৷ ঘটনাৰ পৰিণতিত নাবালিকাগৰাকী অন্তঃসত্বা হয় আৰু এটি সন্তানো জন্ম দিয়ে ৷ সেই সময়ত অভিযুক্ত আৰু অভিযুক্তৰ পৰিয়ালে কিশোৰীগৰাকীৰ ভ্ৰুণ হত্যাৰ অপচেষ্টাও চলাইছিল ৷

ইয়াৰ পিচতে ঢেকিয়াজুলি আৰক্ষী থানা পস্ক’ আইনৰ 4 নম্বৰ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা মৰ্মে এক গোচৰ পঞ্জীয়ন কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে (minor girl raped)৷ ইয়াৰ ভিত্তিত তেজপুৰ আদালতত দীৰ্ঘদিন ধৰি চলা গোচৰৰ শুনানি অনুসৰি অৱশেষত আজি ৰায় প্ৰদান কৰে ৷ আদালতত যোৱা সময়চোৱাত বিচাৰাধীন গোচৰটোৰ ক্ষেত্ৰত সংগৃহীত সাক্ষী-বাদীৰ ভিত্তিত এই গোচৰৰ ৰায়দান কৰে ৷

উল্লেখযোগ্য যে, ঘটনাৰ সময়ত বলাৎকাৰীৰ বয়স ২৫ বছৰৰ কম হোৱা হেতু ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ বিপৰীতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা বিহে আদালতে ৷

ইফালে বৃহস্পতিবাৰে তেজপুৰত শিশু ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা সংঘটিত হয় ৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত এজনী কণমানি ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা চলাইছিল এজন দুষ্ট প্ৰকৃতিৰ লোকে ৷ বিদ্যালয় ছুটীৰ পিচত প্ৰলোভন দি লৈ গৈছিল অচিনাক্ত এজন লোকে (child attempt to rape)৷ চাইকেলত উঠাই কণমানিজনীক লৈ দেৱী সিংঘাটত উপস্থিত হৈ জংঘললৈ লৈ যাওঁতেই প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই ৷ মহিলাগৰাকীয়ে অসৎ চৰিত্ৰাৰ্থ পূৰণ কৰিব বিচৰা লোকজনক সোধা পোছা কৰাত পলায়ন কৰে লোকজনে (Accused escaped)৷ ইয়াৰ পিচতে মহিলাগৰাকীয়ে কণমানিজনীক অভিভাৱকক গতাই দিয়ে ৷

উল্লেখ্য যে ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ প্ৰতিদিনে নাৰী অপৰাধৰ বলি হোৱা খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷

লগতে পঢ়ক: Attempt to rape: কণমানি ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা অনা অসমীয়াৰ

Last Updated :Apr 28, 2023, 9:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.