ETV Bharat / state

ৰঙাপাৰা সমষ্টিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

author img

By

Published : Feb 23, 2021, 8:18 PM IST

সমাগত বিধানসভা নিৰ্বাচন । কঁকালত টঙালি বান্ধিছে শাসকীয়-বিৰোধী দলৰ নেতাই । পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলৰ নেতাসকলো ।সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত চৰম অনিশ্চয়তা । শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপাৰা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধানসভা নিৰ্বাচনত কোনে কৰিব প্ৰতিদ্বন্দিতা ?

ৰঙাপাৰা সমষ্টিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ?
ৰঙাপাৰা সমষ্টিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্রত্যাশীক লৈ চলিছে ব্যাপক গুণাগঁথা । পূৰ্বৰ কংগ্ৰেছ দলৰ বিধায়কসকলৰ মাজত চলিছে প্ৰাৰ্থীত্বৰ দৌৰ । এই দৌৰত আগবাঢ়ি আছে প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকা । প্ৰাৰ্থীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰাক্তন বিধায়কগৰাকীয়ে চেষ্টা অব্যাহত ৰাখিছে । টিকট লাভ কৰাৰ ক্ষেত্ৰত চর্চালৈ আহিছে ভীমানন্দ তাঁতী আৰু কাৰ্তিক কুৰ্মীৰ নামো ।

ৰঙাপাৰা সমষ্টিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ?
ৰঙাপাৰা সমষ্টিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ?

এই তিনিওজনৰে ভিতৰত অভিজিৎ হাজৰিকা আৰু ভীমানন্দ তাঁতীয়ে পূৰ্বেও একেটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে । ৰঙাপাৰা সমষ্টিৰ সৰহ সংখ্যক ভোটাৰ চাহ জনগোষ্ঠীৰ আৰু তেওঁলোকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে । তাঁতী আৰু কুৰ্মী চাহ জনজাতিৰ লোক । উল্লেখ্য যে, তাঁতীয়ে ৰঙাপাৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সময়তে সেই সময়ৰ বিজেপিৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ বিৰুদ্ধে যুঁজ দিছিল যদিও তেওঁ পৰাজিত হৈছিল । অভিজিৎ হাজৰিকাই সেই সময়ত বিজেপিৰ দলৰ পৰা জয় লাভ কৰে । পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত যোগদান কৰে । হাজৰিকাই দল ত্যাগ কৰাৰ সময়ত কংগ্ৰেছে শাসন কৰি আছিল আৰু হৰ্ছট্ৰেডিঙৰ অভিযোগ উত্থাপিত হৈছিল ।

পুনৰ তাঁতীক পৰাজয় কৰি ২০১৬ চনত পল্লৱলোচন দাস ৰঙাপাৰা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু প্ৰথমবাৰৰ বাবে ৰঙাপাৰা সমষ্টিৰ পৰা বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰে । পল্লৱলোচন দাস লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ২০১৯ চনত ৰাজেন বৰঠাকুৰ বিজেপি দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় যদিও ২০২০ চনত আকস্মিকভাৱে তেওঁৰ মৃত্যু হয় । তাৰ পিছত সমষ্টিটো বিধায়ক অবিহনে আছে । এতিয়া সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ নিয়াৰ বাবে কংগ্ৰেছে ৰণনীতি যুগুত কৰিছে । সোমবাৰে নিশা তেজপুৰস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ সমষ্টিভিত্তিক বৈঠক অনুষ্ঠিত হয় ।

প্ৰায় নিশ্চিত হোৱাৰ দিশে আগবাঢ়িছে শোণিতপুৰ জিলাৰ কেইটামান সমষ্টিৰ প্ৰাৰ্থীত্বৰ তালিকা । উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীয়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল আৰু সেইবাবে ৰঙাপাৰা সমষ্টিত এইবাৰ কংগ্ৰেছে সমানে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত । সেয়ে, প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছৰ নেতা অভিজিৎ হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

লগতে পঢ়ক:বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.