ETV Bharat / state

Rajnath Sing to Visit Arunachal: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচলৰ পৰা উদ্বোধন কৰিব 28 খন দলং

author img

By

Published : Jan 2, 2023, 10:58 PM IST

Rajnath Sing to Visit Arunachal
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

মঙলবাৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৷ ৰাজ্যখনত দুখনকৈ দলং উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Rajnath singh to inaugurate bridge in Arunachal) ৷ সীমান্ত পথ সংস্থাই দুটা মাহৰ ভিতৰত সম্পূৰ্ণ কৰে উদ্বোধন কৰিবলগীয়া দলং দুখন ৷

তেজপুৰ, ২ জানুৱাৰী : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বহু প্ৰত্যাশিত চিয়ম দলং উদ্বোধন কৰিব (Rajnath Sing to inaugurate Siyom bridge)৷ সীমান্ত পথ সংস্থাই (Border Roads Organisation) দুই বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা দলংখন চিয়াং আৰু চিয়ম নদীৰ বক্ষত নিৰ্মাণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথম চিটিল আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰা দলং ৷

চিয়াং আৰু পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা সীমান্তৰ দিশে যোগাযোগ স্থাপন কৰা উক্ত দলংখন ১০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে । মুঠ ১০০ মিটাৰ দৈঘ্যৰ দলংখন ১৫০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে (Siyom Bridge in Arunachal Pradesh)। পূব অৰুণাচল প্ৰদেশত মুঠ ৩ খন এনে সীমান্ত সংযোগী দলং প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদঘাটন কৰিব মঙলবাৰে ৷ চিয়ম দলং আৰু আন এখন দলং সীমান্ত পথ সংস্থাৰ প্ৰজেক্ট ব্ৰহ্মংকৰ(Project Brahmank) অধীনত নিৰ্মাণ কৰা হৈছে ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিবলগীয়া ডুমডুমাৰ পৰা সীমান্ত সংযোগী দলং উদয়য়াঙৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙে মুঠ 28 খন এনে গুৰুত্বপূৰ্ণ দলং মঙলবাৰে ৰিমৰ্টৰ জৰিয়তে উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, চিয়ম দলংখনে পাছিঘাট আৰু চিয়াং জিলাৰ অন্তৰ্গত পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । সীমান্ত পথ সংস্থাই বিগত সময়চোৱাত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ লগতে সেনা বাহিনীৰ সুবিধাৰ্থে কেবাখনো গুৰুত্বপূৰ্ণ দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিছে ৷ মঙলবাৰে উদ্বোধন কৰিবলগীয়া 28 খন দলঙৰ ভিতৰত ৩ খন অৰুণাচল প্ৰদেশ আৰু বাকীসমূহ দলং দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ছিক্কিমত নিৰ্মাণ কৰা হৈছে ৷

উল্লেখ্য যে, অৰুণাচলৰ ভাৰত-চীন সীমান্তত নিৰ্মাণ হৈ আছে এছিয়াৰ উচ্চতম স্থানৰ ছেলা সুৰংগ পথ । প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত নিৰ্মাণ হোৱা পশ্চিম অৰুণাচল প্ৰদেশৰ চেলা পাছ সুৰংগৰ (Sela Pass Tunnel in Arunachal) নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে সীমান্ত পথ সংস্থাৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে চেলা সুৰংগ ।

সাগৰ পৃষ্ঠাৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লে'নযুক্ত পথ সুৰংগ ।

লগতে পঢ়ক: Rajnath Singh Arunachal Visit : ৩ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.