ETV Bharat / state

ৰঙাপৰাৰ শিকবাৰীত গাভৰু নদীৰ পাৰত হস্তী পূজা ৰাইজৰ

author img

By

Published : Oct 9, 2021, 11:15 AM IST

সততে চাহ বাগিচা অঞ্চলত মানুহে বন্যহস্তী খেদিবলৈ ফটকা, জুই আদি ব্যৱহাৰ কৰা দেখা যায় । বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰে ৰাইজ । কিন্তু শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত পৰিলক্ষিত হ'ল এক বিপৰীত দৃশ্য । বন্যহস্তীৰ নামত পূজা-অৰ্চনা কৰিলে ৰাইজে ।

Puja at bank of Gabharu river
ৰঙাপৰাৰ শিকবাৰীত গাভৰু নদীৰ পাৰত হস্তী পূজা ৰাইজৰ

ৰঙাপৰা, ৯ অক্টোবৰ : পৰম্পৰা অক্ষুণ্ণ ৰাখি হস্তী পূজা সম্পন্ন কৰিলে শোণিতপুৰৰ ৰঙাপৰাৰ নাথগাঁৱৰ ৰাইজে । ধূপ-ধূনা জ্বলাই আৰু নৈবদ্য আগবঢ়াই ৰাইজে গাভৰু নদীৰ পাৰত কৰিলে পূজা-অৰ্চনা । বনৰীয়া হাতীয়ে যাতে নিজৰ গাঁওখনৰ অনিষ্ট সাধন নকৰে তাৰ বাবে প্ৰাৰ্থনা জনালে ৰাইজে । দৰাচলতে, ৰঙাপৰাৰ নাথ গাঁৱৰ ৰাইজে বিগত ৫০ বছৰ ধৰি এই হস্তী পূজাভাগ কৰি আহিছে ।

পূৰ্বতে অতি দুৰ্গম অঞ্চলত নাথ গাঁৱৰ পুৰুষসকলে গৈ হস্তী পূজা আগবঢ়াইছিল । কিন্তু বিগত কেইবা বছৰ ধৰি তাৰাজুলি বাগিচাৰ শিকবাৰীতে উক্ত পূজাভাগ কৰি আহিছে ৰাইজে । নাথ গাঁৱৰ ৰাইজে বনৰীয়া হাতীৰ বাবে ঘৰতে পকোৱা এক থোক চেনিকল আগবঢ়ায় । ইয়াৰ পাছতে ভক্তপ্ৰাণ ৰাইজে গজেন্দ্ৰ উপাখ্যান পাঠ কৰে আৰু তাৰ পাছত নাম-প্ৰসংগ কৰে ।

নাথ গাঁৱৰ ৰাইজৰ বিশ্বাস অনুসৰি, হস্তী পূজাভাগ জংঘলৰ মাজত কৰি অহাৰ বাবেই বনৰীয়া হাতীয়ে গাঁওখনত কোনো ধৰণৰ ক্ষতিসাধন কৰা নাই । খেতিপথাৰো নষ্ট কৰা নাই ।

প্ৰণিধানযোগ্য যে, ৯০ দশকত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে নাথ গাঁৱৰ সমীপত থকা ভূঞাবস্তি গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ একে নিশাই ভাঙি তহিলং কৰিছিল । ভূঞা গাঁৱৰ ৰাইজৰ থাকিবলৈ বাসস্থানৰ অভাৱ হোৱাত নাথগাঁৱৰ ৰাইজে অস্থায়ী শিবিৰ পাতি থকাৰ সকলো ব্যৱস্থা কৰি দিছিল ।

নাথ গাঁৱত হাতীয়ে উপদ্ৰৱ চলোৱা নাছিল । সেয়ে, গাঁওখনৰ ৰাইজে বিশ্বাস কৰে যে, বন্যহস্তীয়ে তেওঁলোকৰ প্ৰাৰ্থনা শুনাৰ বাবেহে তেওঁলোকৰ গাঁৱত প্ৰৱেশ নকৰে । এই বিশ্বাস মনত লৈ শুকুৰবাৰে পুনৰ হস্তী পূজা কৰে নাথগাঁৱৰ ৰাইজে ।

লগতে পঢ়ক:শীঘ্ৰে কৰ্তন হ'ব সুলভ মূল্যৰ ভুৱা হিতাধিকাৰীৰ নাম : জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.