শীঘ্ৰে কৰ্তন হ'ব সুলভ মূল্যৰ ভুৱা হিতাধিকাৰীৰ নাম : জয়ন্তমল্ল বৰুৱা

By

Published : Oct 9, 2021, 9:06 AM IST

thumbnail

নলবাৰীত সুলভ মূল্যৰ দোকানে দোকানে চলিব অভিযান ৷ 16 অক্টোবৰৰ পাচত কৰ্তন হ'ব সুলভ মূল্যৰ ভুৱা হিতাধিকাৰীৰ নাম । ভুৱা হিতাধিকাৰীসকলক চিনাক্ত কৰি প্ৰকৃত হিতাধিকাৰীক সকলো সা-সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে 16 অক্টোবৰৰ পৰা পদক্ষেপ হাতত লোৱা হ'ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই ৷ নলবাৰীত দিব্যাংগ ব্যক্তিসকলৰ বাবে অনুষ্ঠিত হোৱা এক পৰীক্ষণ শিবিৰ মুকলি কৰি বিধায়কগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷ এই পৰীক্ষণ শিবিৰত 40 শতাংশৰ ওপৰত শাৰীৰিকভাৱে বাধাগ্ৰস্ত বুলি প্ৰমাণিত দিব্যাংগ ব্যক্তিসকলক অতি কম সময়ৰ ভিতৰত চৰকাৰে প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলিও বৰুৱাই জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.