ETV Bharat / state

Naduar Reserve Forest: পুনৰ জীয়াই তোলা হ’ব নদুৱাৰ বনাঞ্চলক

author img

By

Published : Jul 10, 2022, 10:21 PM IST

পুনৰ জীয়াই তোলা হ’ব নদুৱাৰ বনাঞ্চলক (Naduar Reserve Forest)৷ ২১ বছৰৰ মূৰত ১২ শ হেক্টৰ ভূমি সেউজীকৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ল দেওবাৰে ৷ ৰোপন কৰা হ’ল ২৪ হাজাৰ গছপুলি ৷

Naduar Reserve Forest
জীয়াই তোলা হ’ব নদুৱাৰ বনাঞ্চলক

চতিয়া, ১০ জুলাই : মৰুভূমিলৈ পৰিণত হোৱা এসময়ৰ নদুৱাৰ বনাঞ্চলত(Naduar Reserve Forest) সূদীৰ্ঘ ২১ বছৰৰ মূৰত ১২ শ হেক্টৰ ভূমিত সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি বৃক্ষৰোপনৰে সেউজীকৰণৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ২৪ হাজাৰ গছপুলি ৰোপনৰে আজি অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাৰ নদুৱাৰ বনাঞ্চলখন সেউজীকৰণ কৰাৰ উদ্দেশ্যে গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

এসময়ৰ ঘন অৰণ্যৰে ভৰপুৰ বনাঞ্চলখনৰ এই ঠাইখিনিও অসংখ্য গছ-বনৰে ভৰপুৰ হৈ আছিল ৷ কিন্তু একাংশ অবিবেচক লোকৰ হাতোৰাত পৰিয়েই ধংসৰ গৰাহলৈ গতি কৰিছিল নদুৱাৰ বনাঞ্চলখন ৷ কিন্তু সুদীৰ্ঘ ২১ বছৰৰ অন্তত বনাঞ্চলখন আজিৰে পৰা জীপাল কৰি তোলাৰ সংকল্প ল’লে ৰাজ্য চৰকাৰৰ বনবিভাগে ৷

পুনৰ জীয়াই তোলা হ’ব নদুৱাৰ বনাঞ্চলক

আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Forest minister Chandra Mohan Patowary), চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বন বিভাগৰ উচ্চপদস্থ বিষয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত বনাঞ্চলখন পুনৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকৰ সহযোগত ২৪ হাজাৰ গছপুলি ৰোপন কৰে বন বিভাগে ৷

ইয়াৰোপৰি পূৰ্বে অশান্ত জৰ্জৰ ঠাইখিনিত বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত এক সুস্থ পৰিৱেশ ঘূৰি অহা প্ৰকৃতিৰ মনোমোহা ঠাই হিচাপে বিবেচিত চিজুচা অঞ্চলটিক শীঘ্ৰেই পৰ্যটকৰ আকৰ্ষণ থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাও হাতত লোৱা হ’ব বুলি উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বন মহোৎসৱৰ (Van Mahotsav 2022) লগত সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীটোত স্থানীয় লোকসকলৰ উপস্থিতি আৰু সহযোগিতাও আছিল অতিকৈ আশাব্যঞ্জক ৷

লগতে পঢ়ক: অসম-অৰুণাচলৰ সীমা বিবাদ : শীঘ্ৰেই অনুষ্ঠিত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.