ETV Bharat / state

শোণিতপুৰত ৰাষ্ট্ৰীয় পোষণ মাহ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Sep 1, 2022, 8:21 PM IST

Poshan Maah observed in sonitpur district
শোণিতপুৰত ৫ম ৰাষ্ট্ৰীয় পুষ্টি মাহ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী(Poshan Maah observed in sonitpur district) । একেদৰে শোণিতপুৰ জিলাতো আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহত শোণিতপুৰ জিলাৰ চাহ বাগিচা অঞ্চলৰ লগতে বিভিন্ন অঞ্চলত ইতিমধ্যে মহিলা আৰু শিশু কল্যাণ বিভাগে চিনাক্ত কৰা অত্যাধিক পুষ্টিহীনতা আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসকলক সাধাৰণ স্বাস্থ্যৱান শিশুৰ পৰ্যায়লৈ আনিবলৈ মহিলা আৰু শিশু কল্যাণ বিভাগে পদক্ষেপ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে ।

তেজপুৰ, ১ ছেপ্টেম্বৰ: স্বাস্থ্যবান শিশু আৰু সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে সমগ্ৰ ৰাষ্ট্ৰৰ লগতে শোণিতপুৰ জিলাতো আজিৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ । এই উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসন ,জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত তেজপুৰ পৰোৱা মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত অনুষ্ঠিত এক অনাড়ম্বৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ৷

Poshan Maah observed in sonitpur district
ৰাষ্ট্ৰীয় পোষণ মাহ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত গৰ্ভৱতী মহিলাসকলৰ যত্নৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় । আজিৰ পোষণ মাহৰ উদ্বোধনী অনুষ্ঠানত বিধায়কত্ৰয় পৃথ্বিৰাজ ৰাভা,গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা মহিলা আৰু শিশু কল্যাণ বিষয়া কবিতা ফাংচু প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশ গ্ৰহণ কৰে(Poshan Maah observed in sonitpur district) ।

আনহাতে, শোণিতপুৰ জিলা মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ আঠটা সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত বিশেষ অভিযান চলাই চিনাক্ত কৰা ১৪৪ টা অত্যাধিক পুষ্টিহীনতা আৰু ৪০০ টা মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুক আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত সাধাৰণ স্বাস্থ্যৱান শিশুৰ পৰ্যায়লৈ আনিবলৈ শোণিতপুৰ জিলা মহিলা আৰু শিশু কল্যাণ বিভাগে পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা মহিলা আৰু শিশু কল্যাণ বিষয়া কবিতা ফাংচুৱে জানিবলৈ দিয়ে । অনুষ্ঠানত প্ৰদান কৰা ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

Poshan Maah observed in sonitpur district
শোণিতপুৰত ৫ম ৰাষ্ট্ৰীয় পুষ্টি মাহ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

লগতে শিশুসকলৰ পূৰ্ণ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰি আৰু সমাজত থকা পুষ্টিহীনতাৰ প্ৰত্যাহবান অতিক্ৰম কৰিবলৈ সকলো চৰকাৰী বিভাগক একত্ৰিত প্ৰচেষ্টাৰে আগবাঢ়ি যাবলৈ আহবান জনায় ৷ প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে হাতত লোৱা বিভিন্ন কাৰ্যসূচীয়ে ৰাইজৰ মাজত পুষ্টিকৰ খাদ্য যোগানেৰে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ উপৰিও ইয়াক এক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰিব ৷

ইয়াৰ পূৰ্বে, মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে ১৩ খন‌ বিচনাযুক্ত এটা ৱাৰ্ড মুকলি কৰে(A ward with 13 beds is open) । পুৱা মন্ত্ৰীগৰাকীয়ে মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰাৰ উপৰিও অগ্নিগড় পহাৰৰ সমীপত অৱস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ বাংলো, আগুৰি পাহাৰ আদি স্থান পৰিভ্ৰমণ কৰে(Mahabhairab temple of Tezpur) ।

Poshan Maah observed in sonitpur district
শোণিতপুৰত ৫ম ৰাষ্ট্ৰীয় পুষ্টি মাহ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াসকলৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা জল-জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা দক্ষতা বিকাশ সমিতিৰ সদস্য আৰু পৰ্যটন বিভাগৰ লগত জড়িত হোটেলৰ মালিক, ট্যুৰ অপাৰেটৰ, আৰু আন অংশীদাৰসকলৰ লগতো মিলিত হৈ বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰে(Jal Jeevan Mission in Assam) ।

লগতে পঢ়ক: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আগমনৰ সময়তে ABVPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.