ETV Bharat / state

Poor condition of NH 15 : তেজপুৰৰ পৰা বাইহাটালৈকে বিধ্বস্ত পথে জ্বলা কলা খোৱাইছে ৰাইজক

author img

By

Published : May 2, 2023, 2:17 PM IST

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সমস্যাত পেলাইছে ৰাইজক ৷ নিৰ্বিকাৰ ভূমিকাত সংশ্লিষ্ট বিভাগ (Poor condition of 15 national highway) ৷ অভিযোগ স্থানীয় ৰাইজৰ ৷

Poor condition of national highway
ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

তেজপুৰ, 2 মে' : তেজপুৰৰ মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় পথৰ জৰাজীৰ্ণ অৱস্থাই সৰ্বসাধাৰণক জীয়াতু ভোগাইছে ৷ ইপিনে, মিছন চাৰিআলিৰ পৰা গুৱাহাটী সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাও অতি শোচনীয় হৈ পৰিছে ৷ সম্প্ৰতি, ডিপোটা, ন-আলিমূৰ আদিত ৰাষ্ট্ৰীয় পথৰ য’তে-ত’তে ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ লগতে ডিপোটা দলঙৰ কাষতে সৃষ্টি হোৱা প্ৰকাণ্ড গাতৰ ফলত যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে (Poor road condition at Tezpur) ৷

উল্লেখযোগ্য যে, টুমুকি অঞ্চলত ৰাষ্ট্ৰীয় পথৰ ওপৰত আছে ভালেসংখ্যক গতিৰোধক ৷ আনহাতে চিৰাজুলিৰ পৰা মংগলদৈ সংযোগী ৰাষ্ট্ৰীয় পথটোৰ মেৰামতিৰ অভাৱত য’তে ত’তে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ য’তে ত’তে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যান বাহন আৰোহীৰ পথাচাৰীও সমস্যাৰ সন্মুখীন হৈছে ৷

Poor condition of national highway
ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

জানিব পৰা মতে, কিছুদিন পূৰ্বে বিধ্বস্ত প্ৰায় পথটোৰ পুনৰ নিৰ্মাণ তথা মেৰামতি সম্পন্ন হৈছে ৷ কিন্তু নিৰ্মাণৰ ক্ষেত্ৰত কৰা গাফিলতিৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কিছুদিন পিচতে পুনৰ পথটোৰ এনে অৱস্থা হয় ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ কোটি কোটি টকা ব্যয়ৰে নিশা অতি কম পোহৰত ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মাণৰ কাম কৰা সন্দৰ্ভত সেই সময়ত সচেতন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তীব্ৰ আপত্তি কৰিছিল ৷ কিন্তু এনেবোৰ বিষয়ত গুৰুত্ব নিদিয়াত ৰাষ্ট্ৰীয় পথটোৰ অৱস্থা পুনৰ শোচনীয় হৈ পৰে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে (Poor condition of 15 national highway) ৷

ৰাইজৰ অভিযোগ, তেজপুৰৰ গটঙা, বালিপুখুৰী তিনিআলি, ডিপোটা, খোলাকুটি আৰু ন আলি এলেকাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা দেখিও লোক নিৰ্মাণ বিভাগে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা দেখিবলৈ পোৱা গৈছে । উল্লেখযোগ্য যে, টোলগেটৰ সংখ্যা আৰু মাছুল বৃদ্ধিৰে সৰ্বসাধাৰণক টেটু চেপা দিয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথৰ এনে অৱস্থাই সৰ্বসাধাৰণক অতিষ্ঠ কৰাৰ লগতে অনিশ্চয়তা কঢ়িয়াই ঘাইপথটোৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে ৰাইজ ৷

লগতে পঢ়ক : Gunshot at Bokakhat : বোকাখাতত নিৰাপত্তাৰক্ষীৰ শূন্যলৈ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.