ETV Bharat / state

Pathetic condition of Health Department: অনুন্নত স্বাস্থ্যসেৱাই গৰ্ভতে প্ৰাণ ললে ৪৯ টি শিশুৰ

author img

By

Published : Oct 21, 2022, 12:35 PM IST

Updated : Oct 21, 2022, 12:50 PM IST

যিসময়ত ৰাজ্যৰ স্বাস্থ্য খণ্ডত ব্যাপক উন্নয়ন কৰা বুলি চৰকাৰে ঢাক-ঢোল বজাইছে সেইসময়তে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College Hospital)ত বিগত দুটা মাহত গৰ্ভতে মৃত্যু ৪৯ টি শিশুৰ(49 babies have died in womb) ।

Pathetic condition of Health Department
অনুন্নত স্বাস্থ্যসেৱাই গৰ্ভতে প্ৰাণ ললে ৪৯ টি শিশুৰ

তেজপুৰ,২১ অক্টোবৰ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College Hospital)ত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । বিগত দুটা মাহত ৪৯ টি মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩ টি নৱজাতকৰ জন্মৰ পাছতে মৃত্যু ঘটিছে হাস্পতালখনত(49 babies have died in womb) ৷ এই তথ্য পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্য সৃষ্টি হৈছে সচেতন মহলৰ মাজত ।

দুটা মাহত এই ৬২টা নৱজাতকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মৃত্যু হোৱাৰ সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষক ডাঃ কৰুণা হাজৰিকাই প্ৰকাশ কৰা মন্তব্যই ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে(Pathetic condition of Health Department) ৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভৰ্তি হোৱা ৪৯গৰাকী প্ৰসুতিৰ সন্তানৰ গৰ্ভতে মৃত্যু হৈছিল বুলি কয় ডাঃ হাজৰিকাই ৷

এই সন্দৰ্ভত তেওঁ উল্লেখ্য কৰে যে,ৰাজ্যত স্বাস্থ্য কেন্দ্ৰ, উপ-স্বাস্থ্য কেন্দ্ৰ, সামুহিক চিকিৎসা কেন্দ্ৰ তথা আদৰ্শ স্বাস্থ্য কেন্দ্ৰ সমূহৰ অসাৱধানতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ থল থাকিব পাৰে ৷ তেওঁ কয় যে একোগৰাকী মহিলা গৰ্ভৱতী হ’লে পঞ্জীয়ন হয় সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ সমূহত ৷ তদুপৰি ইয়াত থকা ধাত্ৰীয়ে স্থানীয় আশা কৰ্মীৰ সহযোগত প্ৰসুতিগৰাকীৰ চৰকাৰী নিয়ম অনুসৰি ল’ব লগীয়া যত্ন ল’ব লাগে য’দিও বহু সময়ত তেনে নোহোৱাৰ বাবেই এনেদৰে চিকিৎসাধীন হোৱাৰ পূৰ্বেই গৰ্ভতে শিশুৰ মৃত্যু হোৱাৰ সম্ভাৱনা সন্দৰ্ভত মন্তব্য কৰে ।

উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত যোৱা আগষ্ট মাহত ২৬৯ গৰাকী প্ৰসুতি আৰু ছেপ্টেম্বৰত ২৫০ গৰাকী প্ৰসুতি ভৰ্ত্তি হৈছিল ৷ ৰাজ্যত বিগত সময়চোৱাত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয় গঢ়ি উঠাৰ বিষয়ে চৰকাৰীভাৱে সফলতাৰ দাবী কৰি আহিছে(Health Department of Assam) ।

কিন্তু ইয়াৰ বিপৰীতে বিভিন্ন সমস্যা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত অব্যাহত থকাৰ লগতে প্ৰয়োজনীয় ঔষধ তথা উপযুক্ত চিকিৎসকৰ অভাৱৰ বিষয়ে অভিযোগ উঠি অহাই নহয়, বহু চিকিৎসা প্ৰকল্প উদ্বোধনৰ পাছতেই অকামিলা হৈ থকা ঘটনাৰ বিপৰীতে গৰ্ভাৱস্থাতে শিশুৰ মৃত্যুৰ ঘটনাই চিকিৎসা সুবিধা তথা প্ৰসুতিকলৈ চৰকাৰী আঁচনিয়ে এতিয়াও যে বহুসংখ্যক লোকক স্পৰ্শ কৰা নাই তাৰে ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: Student Union body election: নিৰ্দলীয় প্ৰাৰ্থীৰ নেতাক দুৰ্বৃত্তৰ আক্ৰমণ

Last Updated : Oct 21, 2022, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.