ETV Bharat / state

উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

author img

By

Published : Dec 17, 2020, 7:31 PM IST

Updated : Dec 17, 2020, 7:50 PM IST

মহিলা সৱলীকৰণ আৰু ভাৰতীয় সেনাত মহিলাৰ যোগদানৰ বাবে আগ্ৰহী কৰাৰ বাবে এই যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছে ভৰতীয় সেনাই ৷ ইয়াৰ যোগেদি এক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে পি শুংচাই।

উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি
উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

তেজপুৰ,১৭ ডিচেম্বৰ : ভাৰতীয় সেনাবাহিনীত মহিলাৰ বাবে সুকীয়া যোগদান আজিৰে পৰা গুৱাহাটীৰ নাৰেংগীৰ সেনা বাহিনীৰ ছাউনীত আৰম্ভ হয় ৷ ভাৰতীয় সেনাৰ শ্বিলঙৰ মকৰল কেন্দ্ৰৰ পৰা সুকীয়া কৈ এক মাত্ৰ মহিলা সকলৰ বাবে নতুনকৈ নাম ভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

মহিলা সৱলীকৰণ আৰু ভাৰতীয় সেনাত মহিলাৰ যোগদানৰ যোগেদি এক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে পি শুংচাই।

শাৰিৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী মহিলা
শাৰিৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী মহিলা
ভাৰতীয় সেনাবাহিনীত মহিলাসকলৰ এই যোগদান প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ ১৭ ডিচেম্বৰৰ পৰা অহা ২০ ডিচেম্বৰলৈ চলিব। ইতিমধ্যে এই যোগদান প্ৰক্ৰিয়াত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য অৰুণাচল প্ৰদেশ,অসম,মেঘালয়,মণিপুৰ,নাগালেণ্ড,ত্ৰিপুৰা,মিজোৰাম আৰু ছিক্কিমৰ লগতে পশ্চিমবংগৰ বাবে প্ৰযোজ্য হৈছে ।

উল্লেখ্য যে,ভাৰতীয় সেনাত প্ৰথমটো মহিলাৰ দল সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰ পৰা ৷

লগতে চাওকঃ ধ্বংসৰ গৰাহত ঐতিহাসিক আৰিমত্ত গড়


Last Updated : Dec 17, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.