ETV Bharat / state

Durga Puja 2023: শাৰদীয় দুৰ্গা পূজাৰ বাবে তেজপুৰ চহৰৰ নতুন পথ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:32 PM IST

চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ ঢল । তেজপুৰ চহৰৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে দুৰ্গা পূজা । দুৰ্গোৎসৱৰ আনন্দ উপভোগ কৰোতে যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পৰিৱহণ বিভাগ আৰু আৰক্ষীয়ে প্ৰকাশ কৰিছে বহু নীতি-নিৰ্দেশনা ।

New guidelines for Tezpur town for Durga Puja
দুৰ্গা পূজাৰ বাবে তেজপুৰ চহৰৰ নতুন পথ নিৰ্দেশনা

দুৰ্গা পূজাৰ বাবে তেজপুৰ চহৰৰ নতুন পথ নিৰ্দেশনা

তেজপুৰ,২১ অক্টোবৰ: বেল বোধনৰে ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাছতে শনিবাৰে পুৱাতেই আৰম্ভ হয় মহাসপ্তমী পূজা । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহত ভিৰ কৰিছে ভক্তই । সন্ধ্যালৈ পূজা উপভোগ কৰিবলৈ ওলাই আহিব হাজাৰ হাজাৰ লোক । সেয়ে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ঘোষণা কৰিছে বহু নীতি-নিৰ্দেশনা । পথত যান-বাহনৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পথৰ নিৰ্দেশনা জাৰি কৰিছে পৰিবহন বিভাগে ।

শাৰদীয় দুৰ্গোৎসৱৰ বাবে তেজপুৰ আৰক্ষীয়েও যান-বাহন চলাচলৰ বাবে বান্ধি দিছে কিছুমান নীতি-নিৰ্দেশনা । দুৰ্গা পূজাৰ বাবে চহৰৰ মাজ-মজিয়াত যাতে দৰ্শনাৰ্থীৰ যান-বাহনৰ ভিৰৰ বাবে পথচাৰীৰ অসুবিধা নহয় সেই বাবেই শোণিতপুৰৰ জিলা দণ্ডাধীশে প্ৰদান কৰে এই নিৰ্দেশ । তেজপুৰ চহৰৰ মাজত বৰগোলা ট্ৰেফিক চিগনেল পইণ্টৰ সমীপত দুচকীয়া বাহনসমূহ ৰাখিব পাৰিব ।

New guidelines for Tezpur town for Durga Puja
দুৰ্গা পূজাৰ বাবে তেজপুৰ চহৰৰ নতুন পথ নিৰ্দেশনা

তাৰ বিপৰীতে তেজপুৰ কলেজিয়েট হাইস্কুল খেল পথাৰত চহৰলৈ প্ৰৱেশ কৰা যান-বাহনসমূহ ৰাখিব পাৰিব । বিপৰীত দিশে তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অস্থায়ীকৈ নিৰ্মাণ কৰা পাৰ্কিঙত যান-বাহনৰ পাৰ্কিং কৰিব পাৰিব তাৰ লগতে মূল প্ৰৱেশ পথ ট্রিবেনী হৈ ৰাজ্যিক পৰিবহন নিগমৰ সমীপত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ কাষত যান-বাহনৰ পাৰ্কিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে ।

New guidelines for Tezpur town for Durga Puja
দুৰ্গা পূজাৰ বাবে তেজপুৰ চহৰৰ নতুন পথ নিৰ্দেশনা

নিৰ্দেশনা অনুসৰি দিনৰ ২ বজাৰ পৰা চহৰখনৰ মাজত কোনো ধৰণৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে । বিশেষকৈ ই-ৰিক্সাসমূহৰ বাবে জিলা প্ৰশাসনে চোকা দৃষ্টি নিক্ষেপ কৰিছে আৰু চহৰৰ মাজত প্ৰৱেশত বাধা প্ৰদান কৰিছে । আনহাতে শোণিতপুৰৰ মটৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা শনিবাৰে তেজপুৰ আৰু ঢেকীয়াজুলিত দুৰ্গা পূজা উপলক্ষে পথ সুৰক্ষাৰ বাবে তথ্য চিত্ৰ সম্বলিত বাহনত বিভিন্ন অঞ্চলত প্ৰদৰ্শন কৰে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন চহৰৰ পথসমূহত যাতে তীব্র বেগত যান-বাহনৰ চলাচল নকৰে তাৰ বাবে সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰে ।

লগতে পঢ়ক: Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.