ETV Bharat / state

India Australia ODI Series : মণিপুৰ ক্ৰিকেট সন্থাৰ প্ৰাক্তন সচিব এছ প্ৰিয়ানন্দক বিচিচিআইৰ মেচ পৰ্যবেক্ষক নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 12:57 PM IST

মণিপুৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাজকুমাৰ ইমো সিঙে প্ৰিয়ানন্দ সিঙক এনে গুৰুত্বপূৰ্ণ দায়িত্বত নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছে ।

এছ প্ৰিয়ানন্দক বিচিচিআইৰ মেচ পৰ্যবেক্ষক নিযুক্তি
India Australia ODI Series

তেজপুৰ, ২০ ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে মণিপুৰ ক্ৰিকেট সন্থাৰ (এমএনচিএ) প্ৰাক্তন সচিব ছিঙ্গম প্ৰিয়ানন্দ সিঙক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে বিচিচিআইৰ মেচ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে । উল্লেখ্য যে মেচখন অহা ২২ ছেপ্টেম্বৰত মোহালিৰ পঞ্জাব ক্ৰিকেট এছোচিয়েচনৰ আইএছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

তেওঁ বুধবাৰে ইম্ফলৰ পৰা পঞ্জাবৰ মোহালি অভিমুখে ৰাওনা হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, মণিপুৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাজকুমাৰ ইমো সিঙে প্ৰিয়ানন্দ সিঙক এনে গুৰুত্বপূৰ্ণ দায়িত্বত নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছে । লগতে অতীজত আৰু বৰ্তমান ৰাজ্যিক সংস্থাটোৰ প্ৰশাসক আৰু বিষয়াসকলৰ ওপৰত বিশ্বাস ৰখাৰ বাবে বিচিচিআইক কৃতজ্ঞতা জ্ঞাপন কৰে ।

তেওঁ লগতে কয় যে মণিপুৰ ক্ৰিকেট সন্থাৰ বাবে এইটো এক গৌৰৱৰ মুহূৰ্ত । আনহাতে, মণিপুৰ ক্ৰিকেট সন্থাৰ বৰ্তমানৰ সচিব লেইচাংথেম ৰোনেল সিঙেও প্ৰিয়ানন্দ সিঙক অভিনন্দন জ্ঞাপন কৰিছে । লগতে তেওঁ বিশ্বাস ব্যক্ত কৰে যে বিচিচিআইৰ পৰা লাভ কৰা এনে নিযুক্তি আৰু দায়িত্বসমূহে নিঃসন্দেহে ৰাজ্যখনত ক্ৰিকেটৰ বাবে অধিক আশাব্যঞ্জক ভৱিষ্যতত অৰিহণা যোগাব ।

উল্লেখ্য যে, এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩ খনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ৷ এই শৃংখলাৰ বাবে সোমবাৰে ঘোষণা কৰা হয় ভাৰতীয় দলটো ৷ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ পূৰ্বে এই শৃংখলা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে ৷ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই এদিনীয়া শৃংখলা ৷

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সোমবাৰে সংবাদমেলযোগে দলটো ঘোষণা কৰে ৷ আনহাতে,

বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই শৃং খলাত নিজৰ সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ'ব বিচাৰিছে টীম ইণ্ডিয়া ৷ অৱশ্যে শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে জিৰণি দিয়া হৈছে অধিনায়ক ৰোহিত শৰ্মা আৰু জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীক ৷ লগতে প্ৰথম দুখন খেলত জিৰণি দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো ৷

লগতে পঢ়ক :IND vs AUS ODI Series : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল; অশ্বিনৰ প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.