ETV Bharat / sports

IND vs AUS ODI Series : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল; অশ্বিনৰ প্ৰত্যাৱৰ্তন

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 7:00 PM IST

Updated : Sep 18, 2023, 9:33 PM IST

IND vs AUS ODI Series
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলা খেলিবলৈ সাজু হৈছে ভাৰত

এছিয়া কাপ ২০২৩ৰ খিতাপ জয় কৰাৰ পাছত এতিয়া ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলা খেলিবলৈ সাজু হৈছে ৷ এই শৃংখলাৰ বাবে আজি ঘোষণা কৰা হ'ল টিম ইণ্ডিয়া ৷ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৷

স্পৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ : এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ৷ এই শৃংখলাৰ বাবে সোমবাৰে ঘোষণা কৰা হ'ল টিম ইণ্ডিয়া ৷ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৷ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই এদিনীয়া শৃংখলা ৷

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেলযোগে দলটো ঘোষণা কৰে ৷ আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলা ভাৰতৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ ভাৰতীয় দলটোৱে এই শৃংখলাত এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ চূড়ান্ত স্পৰ্শ দিব বিচাৰিছে ৷

বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰৱেশ কৰিব বিচাৰিছে টিম ইণ্ডিয়াই ৷ শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে জিৰণি দিয়া হৈছে অধিনায়ক ৰোহিত শৰ্মা আৰু জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীক ৷ লগতে প্ৰথম দুখন খেলত জিৰণি দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক ৷

শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে ভাৰতীয় দলটো হ’ল- কে এল ৰাহুল (অধিনায়ক আৰু উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা (সহ-অধিনায়ক), ৰিতুৰাজ গায়কোৱাড, শুভমন গিল, শ্ৰেয়স আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষণ (উইকেটকীপাৰ), শাৰ্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ, আৰ অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ৷

আনহাতে শৃংখলাৰ তৃতীয় অৰ্থাৎ ফাইনেল খেলখনৰ বাবে ভাৰতীয় দলটো হ’ল- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহ-অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্য্যকুমাৰ যাদৱ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষণ (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, শাৰ্দুল ঠাকুৰ, অক্ষৰ পেটেল*, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ ছিৰাজ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া শৃংখলাৰ সূচী :

২২ ছেপ্টেম্বৰ - প্ৰথমখন এদিনীয়া খেল

স্থান – আই এছ বিন্দ্ৰা ষ্টেডিয়াম, মোহালী

সময় – দুপৰীয়া ১:৩০ বজাত

২৪ ছেপ্টেম্বৰ – ২য় এদিনীয়া খেল

স্থান – হোলকাৰ ক্ৰিকেট ষ্টেডিয়াম, ইন্দোৰ

সময় – দুপৰীয়া ১:৩০ বজাত

২৭ ছেপ্টেম্বৰ – ৩য় এদিনীয়া খেল

স্থান – এচিএ ষ্টেডিয়াম, ৰাজকোট

সময় – দুপৰীয়া ১:৩০ বজাত

লগতে পঢ়ক : Asia Cup final 2023: অষ্টম বাৰলৈ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ; 10 উইকেটত পৰাস্ত শ্ৰীলংকা

Last Updated :Sep 18, 2023, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.