ETV Bharat / sports

Asia Cup final 2023: অষ্টম বাৰলৈ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ; 10 উইকেটত পৰাস্ত শ্ৰীলংকা

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 3:04 PM IST

Updated : Sep 17, 2023, 6:14 PM IST

এছিয়া কাপ 2023 ৰ খিতাপ দখল ভাৰতৰ ৷ কলম্বোৰ আৰ প্ৰেমাদাচা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৩ৰ ফাইনেল মেচত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে ৷ শ্ৰীলংকাই বান্ধি দিয়া 51 ৰাণৰ বিজয় লক্ষ্য 6.1 অভাৰতে উপনীত হয় ভাৰত ৷

Asia Cup final 2023
এছিয়া কাপৰ ফাইনেল

স্পৰ্টছ ডেস্ক, 17 ছেপ্টেম্বৰ : সহজ জয়েৰে অষ্টমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ ৷ 51 ৰাণৰ বিজয় লক্ষ্য আগত লৈ মাত্ৰ 6.1 অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ শ্ৰীলংকাৰ বিপক্ষে সহজ জয় সাব্যস্ত কৰে ভাৰতীয় দলে ৷

উল্লেখ্য যে, এছিয়া কাপ ২০২৩ৰ খিতাপ অৰ্জনৰ বাবে কলম্বোৰ আৰ প্ৰেমাদাচা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে দুই উপমহাদেশীয় ক্ৰিকেট প্ৰতিদ্বন্দ্বী ভাৰত-শ্ৰীলংকা মুখামুখি হৈছিল ৷ টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

শ্ৰীলংকাই বান্ধি দিয়া 51 ৰাণৰ সহজ বিজয় লক্ষ্য আগত লৈ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি মাত্ৰ 6.1 অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয় ৷ ভাৰতৰ হৈ অপেনিং বেটছমেন ইশান কিশনে 17 টা বলত 22 ৰাণ কৰাৰ বিপৰীতে শুভমন গীলে 19 টা বলত 27 ৰাণ কৰিবলৈ সক্ষম হয় ৷

ইফালে প্ৰথমে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমটো অভাৰতে উইকেট হেৰুৱাই শ’লঠেকত পৰে শ্ৰীলংকা ৷ কুশল পেৰাৰাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই শ্ৰীলংকাই ৷ যশপ্ৰীত বুমৰাহৰ বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ আউট হয় কুশল পেৰাৰা ৷ ইয়াৰ পাছতেই ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ চিৰাজৰ বলিং আক্ৰমণত দিশহাৰা হৈ পৰে শ্ৰীলংকা ৷ মহম্মদ চিৰাজৰ বিধ্বংসী বলিংত তাচপাতৰ দৰে খহি পৰে শ্ৰীলংকাৰ বেটিং লাইন ৷

মহম্মদ চিৰাজে 7 অভাৰত এটা মেইডেনসহ 21 ৰাণ খৰছ কৰি শ্ৰীলংকাৰ 6 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ৷ হাৰ্ডিক পাণ্ডিয়াই 2.2 অভাৰত 3 ৰাণ খৰছ কৰি দখল কৰে 3 টা উইকেট ৷ আনহাতে যশপ্ৰীত বুমৰাহে 5 অভাৰত এটা মেইডেনসহ 23 ৰাণ খৰছ কৰি দখল কৰে এটা উইকেট ৷

শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিছে সাৰ্বাধিক 34 বলত 17 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ সকলো বেটছমেন ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত অসহায় হৈ মাত্ৰ 15.2 অভাৰতে আটাইকেইটা উইকেট বিসৰ্জন দিয়ে ৷ মহম্মদ চিৰাজ, হাৰ্ডিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহে নিজৰ শক্তিশালী বলিঙেৰে 15.2 অভাৰতে শ্ৰীলংকাৰ আটাইকেইজন বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাই ৷

ইয়াৰ পূৰ্বে শেষৰখন খেলত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে পৰাজয়ৰ স্বীকাৰ কৰাৰ বিপৰীতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷ বৰষুণৰ বিধি-পথালিৰ বাবে খেল আৰম্ভ হোৱাত আজি কিছু বিলম্ব হয় ৷ উল্লেখযোগ্য যে, আজিৰ খেলখনত ভাৰতীয় বলাৰ মহম্মদ চিৰাজে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৷

উল্লেখ্য যে, গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত আঘাতৰ বাবে শ্ৰীলংকাৰ মহেশ তীক্ষণা আৰু ভাৰতৰ অক্ষৰ পেটেল দলৰ পৰা বাদ পৰে ৷ ভাৰতে অক্ষৰ পেটেলৰ ঠাইত ৱাশ্বিংটন সুন্দৰক দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে শ্ৰীলংকাই মহেশ তীক্ষণাৰ সলনি শীৰ্ষ অৰ্ডাৰৰ বেটছমেন সাহান আৰাচচিগেক দলত অন্তৰ্ভুক্ত কৰিছিল ৷

ফাইনেলৰ বাবে ভাৰতীয় দলটো হ’ল- ৰোহিত শৰ্মা, শুভমান গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঈশান কিষণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ ৷

শ্ৰীলংকাৰ দলটো হ’ল- পাথুম নিশাংকা, কুশল পেৰেৰা, কুশল মেণ্ডিছ, সদীৰা সমৰাৱিক্ৰামা, চৰিথ আছালংকা, ধনঞ্জয় দি চিলভা, দছুন শনাকা, দুনিথ ৱেলালাগে, প্ৰমোদ মদুষণ, মথিছা পাথিৰানা ৷

লগতে পঢ়ক : Asia Cup final 2023: শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত আজি ভাৰত বনাম শ্ৰীলংকাৰ খিতাপ জয়ৰ যুঁজ

Last Updated : Sep 17, 2023, 6:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.