ETV Bharat / state

Man elephant conflict : ৰাজ্যৰ চৌদিশে বনহস্তীৰ আতংক

author img

By

Published : Dec 16, 2021, 9:45 PM IST

man-elephant-conflict-in-rangapara
বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাসিত ৰঙাপৰা ৰাইজ

ৰাজ্যৰ চৌদিশে এতিয়া হাতী মানুহৰ সংঘাত(Man elephant conflict in Assam) ৷ হাতীৰ আতংকত এতিয়া ত্রাহি মধুসুদন সোঁৱৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ৷ উত্তৰ অসমৰ ৰঙাপৰাই হওক অথবা নামনিৰ গোৱালপাৰা ৷ সকলোতে এতিয়া হাতীৰ আতংক ৷

ৰঙাপৰা, 16 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত(Man Elephant conflict in Assam) ৷ বন্যহস্তীৰ ত্ৰাসৰ ঘটনা । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পেলাইছে শোণিতপুৰ জিলাৰ ৰঙাপৰাবাসীক ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে জিলাখনৰ ৰঙাপৰা অঞ্চলত ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰঙাপৰাবাসীয়ে ৷ বুধবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তাৰাজুলি চাহ বাগিচাৰ 8 নং শ্ৰমিক লাইনৰ নিৱাসী চমন গোৱালা আৰু আগনেশ মিঞ্জৰ ঘৰ দুৱাৰ ভাঙি থৈ যোৱাৰ লগতে ভঁৰাল ঘৰ ভাঙি প্ৰায় পাঁচমোন পৰিমানৰ ধান নষ্ট কৰি থৈ যায় ।

ইফালে বন্যহস্তীৰ আতংকত অতিষ্ঠ হৈ পৰা ৰাইজে বন বিভাগৰ পৰা নূন্যতম সুৰক্ষা আৰু বিগত সময়ত হাতীৰ আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ বাবে একাংশ ৰাইজে কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগেৰে চৰকাৰ তথা বন-বিভাগক ক্ষুৰধাৰ সমালোচনা কৰিছে ভুক্তভোগী জনতাই ৷ লগতে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

ইফালে, গোৱালপাৰাতো হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে(Man elephant conflict in Goalpara) ভয়ংকৰ ৰূপ ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন ব্যক্তি (Eelephant attack in Goalpara)। জিলাখনৰ দুধনৈৰ কোশধোৱা ব্লকৰ কামাৰপাৰা গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগত নিজৰ মুগা পামত কাম কৰিবলৈ যোৱাৰ অৱস্থাতে নিৰ্মল সূত্ৰধাৰ নামৰ ব্যক্তিজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰে । ফলত গুৰুতৰ ভাৱে আহত হয় নিৰ্মল সূত্ৰধৰ নামৰ ব্যক্তিজন ।

বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰি যোৱাত মুগা পামৰ কাষতে অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে আহত নিৰ্মল সূত্ৰধৰক । লগে লগে পৰিয়ালৰ লোকে দুধনৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও গুৰুতৰভাৱে আহত নিৰ্মল সূত্ৰধৰক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : Man elephant conflict in Teok : বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাসিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.