ETV Bharat / state

পৰিয়ালৰ পৰা আঁতৰি থাকি সমুখ সমৰত নমা কৰ'ণা যোদ্ধাসকল !

author img

By

Published : May 25, 2020, 8:22 PM IST

কৰ'ণা ভাইৰাছৰ এই ভয়াৱহতাৰ সময়ত ভয় লাগে যদিও সাহসেৰে তেওঁলোক মানসিকভাৱে প্ৰস্তুত হৈ কাম কৰি আছে ৷ ইয়াৰ লগতে এইক্ষেত্ৰত যথেষ্ট সজাগ হোৱাৰ প্ৰয়োজন আছে বুলি কয় চিকিৎসাকৰ্মীসকলে ৷

interview with Tezpur Medical College Hospital Medical Staff
তেজপুৰ মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসা কৰ্মীৰে মত বিনিময় ই টিভি ভাৰতৰ সাংবাদিকৰ

তেজপুৰ, 25মে': COVID-19ত আক্ৰান্ত ৰোগীৰে তেওঁলোক এতিয়া ব্যস্ত ৷ পৰিয়ালৰ লগতে নিজৰ জীৱন একাষৰীয়া কৰি তেওঁলোকে কেৱল যুঁজি গৈছে ৷ কাৰণ তেওঁলোক হ'ল COVID-19ৰ প্ৰথমশাৰীৰ যোদ্ধা ৷ বিশ্বৰ এই জটিল সময়ত য'ত কৰ'ণা ভাইৰাছৰ আতংকত বিশ্ববাসী আতংকিত আৰু সকলোৱে নিজৰ জীৱনৰ কথা চিন্তা কৰিছে সেই সময়ত নিজৰ জীৱনক আওকান কৰি COVID-19ত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে চিকিৎসাকৰ্মীসকলে ৷

ইয়াক লৈ ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল তেজপুৰ মেডিকেল কলেজ হাস্পতালত স্থাপন কৰা COVID-19 হাস্পতালত ৷ হাস্পতালখনৰ একাংশ চিকিৎসাকৰ্মীৰে মত বিনিময় কৰে ইটিভি ভাৰতৰ সাংবাদিকে ৷ মত বিনিময়ত চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়া মতে, কৰ'ণা ভাইৰাছৰ এই ভয়াৱহতাৰ সময়ত ভয় লাগে যদিও সাহসেৰে তেওঁলোক মানসিকভাৱে প্ৰস্তুত হৈ কাম কৰি গৈ আছে ৷ ইয়াৰ লগতে এইক্ষেত্ৰত যথেষ্ট সজাগ হোৱাৰ প্ৰয়োজন আছে বুলি কয় চিকিৎসাকৰ্মীসকলে ৷

নিজৰ সন্তান তথা পৰিয়ালৰ লোকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি পৰিয়ালৰ সৈতে নিজৰ দূৰত্ব বজাই ৰখাৰ কথাও ইটিভি ভাৰতৰ সাংবাদিকক অৱগত কৰে হাস্পতালখনত কৰ্মৰত চিকিৎসাকৰ্মীয়ে ৷ চিকিৎসাকৰ্মীসকলে জানিবলৈ দিয়া মতে, হাস্পতালখনত কৰ'ণাত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা চিকিৎসাকৰ্মী আৰু চিকিৎসকসকলক সম্পূৰ্ণ সাতদিনৰ বাবে সেই স্থানত পৃথকে থকাৰ ব্যৱস্থা আছে আৰু তাত কোনো অন্য চিকিৎসাকৰ্মী প্ৰৱেশ নকৰে ৷

পৰিয়ালৰ পৰা আঁতৰি থাকি সমুখ সমৰত কৰ'ণা যোদ্ধা

উল্লেখযোগ্য যে, তেজপুৰ মেডিকেল কলেজত প্ৰসূতিসকলৰ বাবে এটা পৃথক Covid-19 ৱাৰ্ডৰ ব্যৱস্থা কৰাৰ লগতে ৱাৰ্ডটোত বৰ্তমান 12 খন বিচনাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.