ETV Bharat / state

Mock drill on COVID 19: চীনতকৈ ভাৰতৰ ভেকচিন বেছি শক্তিশালী: স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Dec 27, 2022, 6:23 PM IST

Mock drill on COVID 19
পূৰ্বৰ অভিজ্ঞতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব অসমে

সম্ভাব্য ক'ভিডকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ পূৰ্বৰ অভিজ্ঞতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব অসমে (Covid 19 in Assam) ৷ ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত আছে পৰ্যাপ্ত সুবিধা ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

ক'ভিডকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ

তেজপুৰ, ২৭ ডিচেম্বৰ : মঙলবাৰে সমগ্ৰ দেশজুৰি আয়োজন কৰা হয় ক’ভিডৰ মকড্ৰিল (Mock drill on covid preparedness) ৷ ক’ভিডৰ এই মকড্ৰিল হৈছে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বে লোৱা কিছু সজাগতা ৷ ইতিমধ্যে ক’ভিডক লৈ দেশজুৰি জাৰি কৰা হৈছে ক’ভিডৰ সতৰ্কতা ৷

আনকি ক’ভিডৰ মকড্ৰিলত দেশৰ প্ৰতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰই আহ্বান জনাইছে ৷ লগতে ৰাজ্যৰ প্ৰতিখন ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত কৰা হ’ব এই মকড্ৰিল ৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই (Union Ministry of Health on Covid) ৷

Mock drill on COVID 19
পূৰ্বৰ অভিজ্ঞতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব অসমে

ক’ভিডৰ মকড্ৰিল অনুষ্ঠানৰ দিনাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta at Tezpur) ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘বৰ্তমানলৈকে ক’ভিডক লৈ কোনো ধৰণৰ প্ৰট’কল দিয়া হোৱা নাই ৷ কিন্তু ইতিপূৰ্বে এজনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে ৷ কিন্তু সকলোৱে সাৱধানতা অৱলম্বন কৰাতো অত্যন্ত জৰুৰী’’ ৷

অৱশ্যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষকৈ বহিঃৰাষ্ট্ৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত বিমানবন্দৰত চোকা নজৰ ৰখা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ত ICU আৰু চিকিৎসক সাজু কৰি ৰখা বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে ক’ভিড ভেকচিনৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চীনৰ ভেকচিনতকৈ ভাৰতত প্ৰস্তুত হোৱা ভেকচিন অধিক শক্তিশালী বুলি উল্লেখ কৰে কেশৱ মহন্তই (India’s covid vaccine stronger than China said Keshab Mahanta)৷

লগতে পঢ়ক : Mock drill on covid preparedness: দেশজুৰি ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগৰ ম’ক ড্ৰিল

আনহাতে, বিগত সপ্তাহত এশ চিকিৎসকক প্ৰমোচন দিয়াৰ লগতে আগন্তুক এসপ্তাহৰ ভিতৰত চিকিৎসক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকাৰ সময়ত তেওঁক সংগ দিয়ে শোণিতপুৰৰ উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ সদস্য আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

আনহাতে, মঙলবাৰৰ দিনটোত তিনিচুকীয়া অসামৰিক চিকিৎসালয়তো সম্পন্ন হয় ক’ভিড ম’কড্ৰিল (COVID 19 Mock drill in Tinsukia) ৷ এম্বুলেঞ্চত ৰোগী চিকিৎসালয়লৈ কঢ়িয়াই অনাৰ পৰা আৰম্ভ কৰি অক্সিজেন মাক্স লগাই চিকিৎসা প্ৰদান কৰালৈকে ম’কড্ৰিলত সকলো উপস্থাপন কৰা হয় ৷ এই ম’কড্ৰিল কাৰ্যসূচীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতি থাকে ৷

এই অনুষ্ঠানতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ১০০ খন অক্সিজেনযুক্ত বিচনাত চিকিৎসাৰ বাবে সকলো চিকিৎসাকৰ্মী সাজু কৰি ৰখা হৈছে ৷ লগতে সকলোকে পুনৰ পূৰ্বৰ দৰেই ক’ভিডৰ নিয়মাৱলীসমূহ পালন কৰি সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Mock drill on COVID 19 : তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ক’ভিড ১৯ৰ ম’ক ড্ৰিল সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.