ETV Bharat / state

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

author img

By

Published : Oct 1, 2019, 8:44 PM IST

শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে পূজা মণ্ডপসমূহৰ অঘোষিত প্ৰতিযোগিতা ৷ ইপিনে ৰঙাপৰাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী ৷

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

ৰঙাপৰা, 1 অক্টোবৰঃ দুৰ্গা পূজালৈ মাজত মাথো দুটা দিন ৷ 4 অক্টোবৰৰ পৰা ৰাজ্যত পালন কৰা হ’ব দুৰ্গা পূজা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰঙাপৰাত এইবেলিও অনুষ্ঠিত হ’ব প্ৰায় 40 খন পূজা । আয়োজক সকলে মণ্ডপ সমূহ অতি সুন্দৰকৈ সজাই তোলাত গুৰুত্ব প্ৰদান কৰিছে । লাখ-লাখ টকা ব্যয় সাপেক্ষে তথা বিভিন্ন আলোকসজ্জাৰে পূজা মণ্ডপ সমূহ নিৰ্মাণ কৰিছে । এতিয়া ৰঙাপৰাত থকা প্ৰতিটো প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠানত সাজু কৰি তোলাৰ বাৰে ভিন্ন প্ৰকাৰৰ দেৱী দুর্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷

ৰঙাপৰাত প্ৰতিমাৰ অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল । অৱশ্যে বতৰৰ কিছু বিধি পথালি দিয়াত শিল্পী সকল অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু এতিয়া মূল্যবৃদ্ধিৰ সময়ত প্ৰতিমাৰ মূল্য বৃদ্ধি নোহোৱাত মৃন্ময় শিল্পীসকল বাৰুকৈয়ে চিন্তিত হৈ পৰিছে ।

Intro:শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গাঃ ৰঙাপৰাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পীBody:ৰঙাপৰাঃ শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল আহিল দুৰ্গতিনাশিনী মা দুৰ্গা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰঙাপৰাত এইবেলিও প্ৰায় ৪০ খন পূজা অনুষ্ঠিত হব। আয়োজকসকলে মণ্ডপ সমূহ অতি সুন্দৰকৈ সজোৱাত গুৰুত্ব প্ৰদান কৰিছে। লাখ লাখ টকা ব্যয় সাপেক্ষে তথা বিভিন্ন আলোকসজ্জাৰে পূজা মণ্ডপ সমূহ নিৰ্মাণ কৰিছে। তাৰ সমান্তৰাল ভাৱে ৰঙাপৰাত থকা প্ৰতিটো প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠানত সাজু কৰি তোলা হৈছে ভিন্ন প্ৰকাৰৰ দেৱী দুর্গাৰ প্ৰতিমা নিৰ্মাণত মৃন্ময় শিল্পীসকল অতি ব্যস্ত পৰিছে।প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল। বতৰে কিছু পৰিমাণে বিধি পথালি দিয়াত শিল্পী সকল অসুবিধাৰ সন্মুখীন হোৱা বুলি সদৰী কৰিছে। বছৰ পাছত বছৰ ধৰি মৃণ্ময় শিল্পী সকলে প্ৰতিমা নিৰ্মাণ কৰি আহিছে। উল্লেখ্য যে, মূল্যবৃদ্ধিৰ সময়ত প্ৰতিমাৰ মূল্য বৃদ্ধি নোহোৱাত মৃন্ময় শিল্পীসকল বাৰুকৈয়ে চিন্তিত হৈ পৰিছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.