ETV Bharat / state

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

author img

By

Published : Aug 14, 2019, 2:30 PM IST

মিছামাৰী কলাকুছিৰ গাভৰু নদীৰ দলঙৰ বিধ্বস্ত ৰূপ ৷ যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিছে অঞ্চলবাসীয়ে ৷

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

ৰঙাপৰা, 14 আগষ্টঃ ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে শোচনীয় হৈ পৰিছে শোণিতপুৰ জিলাৰ গাভৰু নৈৰ ওপৰত থকা দলং ৷ দলঙখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সম্প্ৰতি মৰণ ফান্দলৈ পৰিণত হৈছে দলংখন । দলংখনৰ এনে অৱস্থাৰ ফলত বৰ্তমান যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত গুৰুত্ব দি দলঙৰ মেৰামতি কৰাৰ আহ্বান স্থানীয় লোকৰ ৷

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক
Intro:মিছামাৰী কলাকুছিৰ গাভৰু নদীৰ দলঙৰ বিধ্বস্ত ৰূপঃ যাতায়তৰ ক্ষেত্ৰত ভূগিছে নৰক যন্ত্ৰণাBody:ৰঙাপৰাঃ ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানি বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে শোণিতপুৰ জিলাৰ গাভৰু নৈৰ ওপৰত থকা দলংখনৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। দলংখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সম্প্ৰতি দলংখন মৰণ ফান্দলৈ পৰিণত হৈছে। ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত উপকৃত হোৱাৰ বাবে ১৯৩২ চনত বৃটিছে নিৰ্মাণ কৰা দলংখনৰ আজি কি ৰূপ লৈছে সেয়া চাওক ই টিভি ভাৰতৰ এক প্ৰতিবেদন। উল্লেখযোগ্য যে, এসময়ত ঠেলামৰা, কলাকুছি চেণ্টাৰ হৈ তেজপুৰ, ৰঙাপৰা, বালিপৰা, বিশ্বনাথ চাৰিআলি, লক্ষীমপুৰ, অৰুণাচল প্ৰদেশ আদি ঠাইলৈ উক্ত ঐতিহাসিক দলংখনৰ ওপৰেদি যান-বাহন সমূহ চলাচল কৰিছিল। কাৰণ সেই সময়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা গাভৰু নৈখনৰ ওপৰত বৰ্তমানৰ দ্বিতীয়খন দলং নিৰ্মাণই হোৱা নাছিল। প্ৰায় ৮৭ বছৰ আগতে মিছামাৰীৰ কলাকুছিত থকা দলংখন আজি ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰিব নোৱাৰা বিষয়টোয়ে বিভাগটোৰ ফোপোলা স্বৰূপটো উদঙাই দিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.