ETV Bharat / state

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 6:34 PM IST

অসম সাহিত্য সভাত বিত্তীয় কেলেংকাৰী ৷ নাম সাঙোৰ খাইছে প্ৰাক্তন প্ৰধান সম্পাদকৰ ৷ দৰাচলতে হৈছে কি অসম সাহিত্য সভাৰ দৰে পবিত্ৰ অনুষ্ঠানত ? সাহিত্য সভাৰ মজিয়াত এতিয়া চলিছে ডাৰ্টি পলিটিক্স ৷ ষড়যন্ত্ৰৰ বলি হৈছে নেকি প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মা ?

Assam Sahitya Sabha
Assam Sahitya Sabha

অসম সাহিত্য সভাৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন সম্পাদকৰ

তেজপুৰ, ১৯ ছেপ্টেম্বৰ: অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানৰূপে শতকজুৰি অসম সাহিত্য সভাই কি কৰি আহিছে সেয়া সৰ্বজনবিদিত ৷ পূৰ্বতেও পদবীক কেন্দ্ৰ কৰি সংবাদ শিৰোনাম দখল কৰা অনুষ্ঠানটোৰ ভিতৰচ'ৰাত শেহতীয়াকৈ বিত্তীয় কেলেংকাৰীক লৈ পুনৰবাৰ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

যেন বঙহৰ যুঁজহে চলিছে সাহিত্য সভাৰ ভিতৰচ'ৰাত ৷ প্ৰাক্তন প্ৰধান সম্পাদকৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ বৰ্তমানৰ প্ৰধান সম্পাদকৰ ৷ সভাপতি কুলধৰ শইকীয়াৰ বিগত কাৰ্যকালত প্ৰধান সম্পাদকগৰাকীয়ে ভ্ৰমণৰ নামত ৯ লাখ টকা অতিৰিক্ত খৰচ তথা বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰাৰ পিছতে একাংশ সংবাদ মাধ্যমত বিষয়টো প্ৰকাশ পায় ৷

যাক লৈ বাৰুকৈয়ে মনোকষ্ট পোৱা বুলি তেজপুৰত উল্লেখ কৰে প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই ৷ প্ৰাক্তন প্ৰধান সম্পাদক তথা প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ পৰা আন একাংশৰ নাম উল্লেখ কৰি যাদৱ শৰ্মাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলি প্ৰকাশ কৰে ৷

ইতিমধ্যে প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ শেষৰ কাৰ্যকালত সকলো বিত্তীয় কথা-বতৰা দাখিল আৰু স্বাক্ষৰ কৰাৰ পিছতো অনাহকত সামাজিকভাৱে ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ চক্ৰান্তত জড়িত বৰ্তমানৰ সম্পাদক এণ্ড কোম্পানী বুলি গুৰুতৰ অভিযোগ কৰে যাদৱ শৰ্মাই ৷

আনহাতে, যাদৱ শৰ্মাই কোনো এখন সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থকাত বাধা আৰোপ কৰি যি ফটোৱা জাৰি কৰিছে সেই ক্ষেত্ৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশই অসাংবিধানিকভাৱে বৃহত্তৰ জাতীয় অনুষ্ঠানটোক কালিমা সনাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ওলোটাই অভিযোগ উত্থাপন কৰে ৷ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগক নস্যাৎ কৰিছে ৷

উল্লেখ্য যে এসময়ৰ অসমীয়া জাতিৰ প্ৰাণস্পন্দন, আবেগ অসম সাহিত্য সভাত এতিয়া অচলাৱস্থাই বিৰাজ কৰিছে ৷ অসম সাহিত্য সভাত ২০২০ৰ পৰা ২৩ বৰ্ষলৈ একাংশ বিষয়ববীয়াই বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ কথা সভাৰে ভিতৰচ’ৰাত উন্মোচিত হৈছে ৷ এই সন্দৰ্ভত চলি থকা আৰক্ষীৰ তদন্তৰ পাছতহে সকলো বিষয় স্পষ্ট হ’ব ৷

লগতে পঢ়ক: Assam Sahitya Sabha : অচলাৱস্থা; বিত্তীয় কেলেংকাৰী, বিষয়ববীয়াৰ মইমতালিত কোঙা অসম সাহিত্য সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.