ETV Bharat / state

Assam Sahitya Sabha : অচলাৱস্থা; বিত্তীয় কেলেংকাৰী, বিষয়ববীয়াৰ মইমতালিত কোঙা অসম সাহিত্য সভা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:59 PM IST

অসম সাহিত্য সভাত এতিয়া অচলাৱস্থা ৷ এফালে যদি বিত্তীয় কেলেংকাৰীৰ বাবে বৰ্তমানৰ কমিটিয়ে থানাত গোচৰ দিছে, আনফালে একাংশ বিষয়ববীয়াৰ মানসিক অত্যাচাৰত সভাৰ কৰ্মচাৰী চিকিৎসাধীন হৈ মৃত্যু হোৱাৰ অভিযোগ উঠিছে ৷

Scam in Assam Sahitya Sabha
অসম সাহিত্য সভাত এতিয়া অচলাৱস্থা

বিত্তীয় কেলেংকাৰী-অনিয়মেৰে জৰ্জৰিত অসম সাহিত্য সভা

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : এসময়ৰ অসমীয়া জাতিৰ প্ৰাণস্পন্দন, আবেগ অসম সাহিত্য সভাত এতিয়া অচলাৱস্থা ৷ নাও বুৰি তলি পালেও যেন চেতনা উভতি অহা নাই অসম সাহিত্য সভাৰ একাংশ বিষয়ববীয়াৰ ৷ এফালে যদি বিত্তীয় কেলেংকাৰীৰ বাবে বৰ্তমানৰ কমিটিয়ে থানাত গোচৰ দিছে, থানাই বিষয়ববীয়াক সোধ-পোচৰ বাবে মাতিছে ৷ আনফালে একাংশ বিষয়ববীয়াৰ মানসিক অত্যাচাৰত সভাৰ কৰ্মচাৰী চিকিৎসাধীন হৈ মৃত্যু হোৱাৰ অভিযোগ উঠিছে, থানাত গোচৰ ৰুজু হৈছে; নিলম্বিত হৈছে গাণনিক ৷ শীঘ্ৰেই কেইবাগৰাকীও বিষয়ববীয়া নিলম্বন হোৱাৰ সম্ভাৱনা আছে ৷ এটা বা দুটা নহয় কমেও তিনিটা লবীয়ে অচলাৱস্থাৰ সৃষ্টি কৰিছে অসম সাহিত্য সভাত ৷ সংঘটিত হৈছে বিত্তীয় ফাইল চুৰিৰ দৰে লজ্জাজনক ঘটনা ৷

সাহিত্য সভাত বৃহৎ ধনৰ কেলেংকাৰী :

অসম সাহিত্য সভাত ২০২০ৰ পৰা ২৩ বৰ্ষলৈ একাংশ বিষয়ববীয়াই বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ কথা সভাৰে ভিতৰ চ’ৰাত উন্মোচিত হৈছে ৷ বৰ্ষপঞ্জী প্ৰকাশৰ পৰা আৰম্ভ কৰি যাতায়াতৰ নামত তদানীন্তন প্রধান সম্পাদক যাদৱ শৰ্মাৰ বিৰুদ্ধে ৯.৫১ লাখ টকা যাতায়তৰ নামত আত্মসাৎ কৰাৰ আনুষ্ঠানিক অভিযোগ উঠিছে সভাৰ ভিতৰচ’ৰাতে ৷ সভাৰ ধন ভঁৰালীয়েও ১.৩৫ লাখ টকা যাতায়তৰ নামতে আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহিছে ৷

ইফালে যোৱা নাৰায়ণপুৰ অধিৱেশনত সভাপতিৰ অভিভাষণ ছপা কৰাৰ বাবদ ৯০ হেজাৰ টকা, তথ্যচিত্ৰ নিৰ্মাণৰ কাৰণে ২.৭৫ লাখ টকা, ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদানৰ নামত খৰচ কৰা ৭ লাখ টকাৰো কোনো নথি-পত্ৰ নাই সভাৰ হাতত ৷ ইয়াকে লৈ বিত্তীয় কেলেংকাৰীত জড়িতৰ থকাৰ অভিযোগত ৬ গৰাকীকৈ প্রাক্তন বিষয়ববীয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে সভাৰ তৰফৰ পৰা ৷

ইফালে গুৰুত্বপূৰ্ণ ফাইল চুৰি হোৱা ঘটনাই সাহিত্য সভাৰ ভিতৰ চ’ৰা কেনে একাংশ লোকৰ দ্বাৰা পৰিচালিত হৈ আছে সেয়াও উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে ৷ বিত্তীয় কেলেংকাৰী আৰু ফাইল চুৰি কাণ্ডৰ পিছত এতিয়া সাহিত্য সভাৰ কাৰ্যালয়ত কোনেও কাকো বিশ্বাস নকৰা নাইবা মুখ চাব নোখোজা পৰিৱেশৰ সৃষ্টি হৈছে ৷ আনফালে সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিং শৰ্মাই ধুবুৰীতে বাহৰ পাতি জৰুৰী সময়ত ফোন অফ কৰি থোৱাৰ বাবে সভাৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধাৰ সৃষ্টি হৈছে ৷ এই সকলো মিলাই সভাত এক প্ৰকাৰ অচলাৱস্থা সৃষ্টি হৈছে ৷ ইফালে, সভাৰ বিত্তীয় তদন্ত সমিতিৰ তদন্তত সভাৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত স্পষ্ট হৈছে এলানি বিত্তীয় কেলেংকাৰীৰ কথা ৷

২০২০-২৩ বৰ্ষৰ সাহিত্য সভা পৰিচালনা কৰা বিষয়ববীয়াই প্রায় ১৫ লাখ টকাৰ অনিয়ম হোৱা বুলি তদন্ত সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰিছে ৷ এই ১৫ লাখ টকা খৰচৰ কোনো কাগজ-পাতি নাই অসম সাহিত্য সভাৰ কাৰ্যালয়ত ৷ হিচাপৰ তালিকা আছে কিন্তু সেই ধন ক'ত কিদৰে খৰচ কৰিছিল তাৰ কোনো তথ্য নাই সভাৰ হিচাবৰ তালিকাত ৷ কেৱল সেয়ে নহয়, সভাৰ সংবিধানৰ নীতি-নিয়ম সকলো জলিঞ্জলি দি সভাপতি কুল শইকীয়াৰ কাৰ্যকালৰ সময়চোৱাত বহুকেইগৰাকী বিষয়ববীয়াই ইচ্ছানুযায়ী সভাৰ বেংক একাউন্টৰ পৰা ধন উলিওৱাৰ কথাও প্ৰমাণিত হৈছে ৷ অভিযোগৰ মূল আঙুলি উঠিছে প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ প্ৰতি ৷

২০২০-২০২৩ বৰ্ষৰ কার্যকালৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ভ্ৰমণ বানচৰ ব্যয়ৰ নামত অনিয়মৰ আশ্ৰয় লোৱাৰ কথা তদন্ত সমিতিখনে পোহৰলৈ আনিছে ৷ যাতায়ত ব্যয়ৰ নামত ২০২০- ২৩ বৰ্ষত ১,৫৯,৩৭৪ টকা আদায় লোৱা যাদৱ চন্দ্র শর্মাৰ ভ্ৰমণৰ কোনো সবিশেষ তথ্য নাই সভাৰ ওচৰত ৷ লগতে প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিৰ পৰা মুঠ ৫,৮০,০০০ টকা আদায় লোৱা বুলি ইতিমধ্যে আদৰণী সমিতিৰ পৰা তথ্য পোৱা গৈছে ৷ একে সময়তে তেওঁ সভাৰ লক্ষ্মীৰাম বৰুৱা সদন পুঁজিৰ পৰা ১ লাখ, প্ৰকাশন পুঁজিৰ পৰা ৫০ হেজাৰ আৰু সাধাৰণ পুঁজিৰ পৰা ১৫,৭৫৬ টকা অতিৰিক্তভাৱে অধিবেশনৰ খৰচৰ বাবে লোৱা দেখা গৈছে ৷

পৰৱৰ্তী সময়ত যাদব চন্দ্ৰ শৰ্মাই পুনৰ আদৰণী সমিতিৰ পৰা ২,৫০,০০০ টকা আদায় লোৱাৰ তথ্য পোৱা গৈছে যদিও এই আঢ়ৈ লাখ টকা ক'ত খৰচ কৰা হ'ল তাৰ কোনো হিচাপ সভাত নাই ৷ নাৰায়ণপুৰত দ্বি-বার্ষিক অধিবেশন অনুষ্ঠিত হৈ যোৱাৰ পাচত তেতিয়াৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই ১,৩৯,১৫১ টকা আৰু ধনভঁৰালী প্ৰেম নাৰায়ণ নাথে ৩৫,০০০ টকাকৈ ভ্ৰমণ বানচ লৈছে ৷ লিখি শেষ কৰিব নোৱাৰা এনে অসংখ্য বিত্তীয় কেলেংকাৰীয়ে জোকাৰী গৈছে সাহিত্য সভাক ৷ এই কেলেংকাৰীত যে কেৱল প্রধান সম্পাদক আৰু ধনভঁৰালীৰ নাম সাঙোৰ খাইছে এনে নহয় ৷ সভাৰ বিত্তীয় কেলেংকাৰীৰ সৈতে আন কেইবাগৰাকীও বিষয়ববীয়াৰ নাম সাঙোৰ খাই পৰিছে ৷

বিত্তীয় তদন্ত সমিতিৰ প্ৰতিবেদনত নাম সাঙুৰ খাইছে তদানীন্তন প্রকাশন আহ্বায়ক দেৱজিৎ বৰাৰ ৷ নাৰায়ণপুৰ অধিৱেশনলৈ যোৱাৰ বাবদ অনিয়মেৰে ৬ দিনৰ বাবে ভ্ৰমণ ব্যয় লয় ৩০,০০০ টকা ৷ সভাপতি, উপ-সভাপতিৰ কোনো অনুমোদন নোহোৱাকৈয়ে দেবজিৎ বৰাই এই ধন লোৱা বুলি তদন্তৰ প্ৰতিবেদনত উল্লেখ আছে ৷ আনকি ২০২০ চনৰ সম্পূৰ্ণ লকডাউনৰ সময়তো যাদৱ চন্দ্ৰ শৰ্মাই গাড়ীচালকক টকা দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ লকডাউনৰ সময়তো গাড়ীচালক জাহিদুল ইছলামক ৭,১৫৪ টকা আৰু জিন্টু ডেকাক ৫,০০০ টকা সভাৰ পৰা দিয়া হৈছে ৷ গ্রন্থ প্ৰকাশৰ নামতো সভাত ধন আত্মসাৎ কৰাৰো কথা উল্লেখ আছে তদন্তৰ প্ৰতিবেদনত ৷ অভিযোগৰ আঙুলি উঠিছে মাণিক আহমেদ নামৰ এজন বিষয়ববীয়াৰ বিৰুদ্ধেও ৷

২০২২চনত ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদানৰ নামত সভাৰ ৰামধেনু উপ-সমিতিৰ তদানীন্তন আহ্বায়ক মাণিক আহমেদে পর্যায়ক্রমে প্রায় ৭ লাখ টকা সভাপতি, উপ-সভাপতিৰ অনুমোদন অবিহনে উলিয়াইছিল ৷ বহু যোগাযোগৰ পিছতো মাণিক আহমেদে ইয়াৰে ২ লাখ টকা খৰচৰ কোনো তথ্যই পৰা নাই তদন্ত সমিতিৰ হাতত ৷ এইদৰে বিত্তীয় কেলেংকাৰীৰ লগত নাম সাঙোৰ খাই পৰা ছগৰাকীকৈ প্রাক্তন বিষয়ববীয়ালৈ ইতিমধ্যে কাৰণ দর্শোৱাৰ পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমানৰ প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শৰ্মাই ৷ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা প্ৰাক্তন প্রধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, ধনভঁৰালী প্রেম নাৰায়ণ নাথ আৰু বিত্ত গাণনিক বিষয়া মহোদৰ তালুকদাৰক ১৫ দিনৰ ভিতৰত কাৰণ দর্শাবলৈ জাননী দিছে ৷

তদুপৰি পৰমানন্দ ৰাজবংশীৰ দিনৰে পৰা সাহিত্য সভাক ধ্বংসৰ গৰাহলৈ লৈ যোৱা সকলৰ অন্যতম দেৱজিৎ বৰা, মাণিক আহমেদ আৰু কাৰ্যনিৰ্বাহক মুকুল কুমাৰ গগৈলৈয়ো জাননী দিছে প্ৰধান সম্পাদকে ৷ ইয়াৰ লগতে গাণনিক মহোদৰ তালুকদাৰক কাৰ্যালয়ৰ পৰা বাধ্যতামূলক ছুটী দিয়া হৈছে ৷ ইফালে সভাৰ ক্ষীৰোদ মুদৈ নামৰ এগৰাকী কৰ্মচাৰীক মানসিক অত্যাচাৰ চলাই মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে দুই বিষয়ববীয়া দিশপুৰ কলেজৰ শিক্ষক অজিত প্ৰসাদ শৰ্মা আৰু মিহিৰ বৰুৱাৰ বিৰুদ্ধে ৷ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটিছে লোকজনৰ ৷ দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু হৈছে পাণবজাৰ থানাত ৷ সোধ-পোছৰ বাবেও আৰক্ষীয়ে দুইজনক মতা বুলি জানিব পৰা গৈছে ৷

৩০/২০২৩ নম্বৰৰ গোচৰটোত অভিযুক্ত অজিত প্ৰসাদ শৰ্মাক প্ৰশ্ৰয় দিয়াৰহে অভিযোগ উঠিছে প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ বিৰুদ্ধে ৷ পত্নী দিনমাই দাস মুদৈয়ে স্বামীৰ মৃত্যুৰ পিছত ন্যায় বিচাৰি এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৷ মুঠতে অসম সাহিত্য সভাত দুৰ্নীতি, ধন লুণ্ঠন, তলতীয়া কৰ্মচাৰীক মানসিক অত্যাচাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া সকলো কৰ্মকাণ্ড আছে ৷ মাথোঁ নাই সাহিত্য বা সাহিত্যৰ হিত সেৱা ৷ এই সকলো অনিয়ম-কেলেংকাৰীৰ পৰা সাহিত্য সভা কেতিয়াবা মুক্ত হ’বনে ? সেয়া অসমীয়া জাতিৰ বাবে ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : Bharat Narah: ভূমি কেলেংকাৰী; বিধায়ক মানৱ ডেকাৰ অভিযোগ খণ্ডন কৰি প্ৰত্যুত্তৰ বিধায়ক ভৰত নৰহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.