ETV Bharat / state

ৰঙাপাৰা চাহ বাগিচাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

author img

By

Published : Sep 2, 2022, 7:59 PM IST

শুকুৰবাৰে ৰঙাপৰাৰ বৰজুলি ৰেচন গুদামত খাদ্য আৰু অসামৰিক যোগান বিভাগে এক অভিযান চলায়(Food and Civil Supplies Department raid) ৷ সমবায় আৰু চৰকাৰী বিদ্যালয়ৰ বাবে বিতৰণ কৰা চৰকাৰী চাউল মজুত কৰি বাগিচা অঞ্চলত যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছিল আছা নামৰ আদিবাসী ছাত্ৰ সংগঠনটোৱে ৷

ৰঙাপাৰা চাহ বাগিচাত অবৈধ সুলভ মূল্যৰ চাউল বিতৰণ
ৰঙাপাৰা চাহ বাগিচাত অবৈধ সুলভ মূল্যৰ চাউল বিতৰণ

ৰঙাপাৰ, 2 ছেপ্টেম্বৰ: চাউল বনাম কেলেংকাৰী ৷ শুকুৰবাৰে ৰঙাপৰাৰ বৰজুলি ৰেচন গুদামত খাদ্য আৰু অসামৰিক যোগান বিভাগে এক অভিযান চলায় (Food and Civil Supplies Department raid) ৷ চাউলৰ গুদামটোত চৰকাৰী চাউল মজুত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছিল আছাই (Raid at Barjuli ration godown) ৷

ৰঙাপাৰা চাহ বাগিচাত অবৈধ সুলভ মূল্যৰ চাউল বিতৰণ

সমবায় আৰু চৰকাৰী বিদ্যালয়ৰ বাবে বিতৰণ কৰা চৰকাৰী চাউল মজুত কৰি বাগিচা অঞ্চলত যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছিল আছা নামৰ আদিবাসী ছাত্ৰ সংগঠনটোৱে ৷ আছাৰ একাংশ কৰ্মীৰ অভিযোগৰ ভিত্তিতেই চাহ বাগিচা সমূহত আটা আৰু চাউল যোগান ধৰি অহা আসাম ভেলি চিৰিয়েল প্ৰাইভেট লিমিটেড নামৰ ৰেচন গুদামটোত অভিযান চলায় যোগান বিভাগে (Food and Civil Supplies Department raid in ration godown)।

শোণিতপুৰ জিলা সহকাৰী উপায়ুক্ত নম্ৰতা দাসৰ উপস্থিতত জিলাৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ অধীক্ষক মজুবুদ্দিন আহমেদ আৰু পৰিদৰ্শক ভাগ্য ডেকা ৰেচন গুদামটোত উপস্থিত হৈ তালাচী চলায় আৰু গুদামটোত মজুত থকা চাউলৰ বস্তাৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে ৷

খাদ্য আৰু অসামৰিক যোগান বিভাগে অভিযান চলায় গুদামটোত জমা কৰি ৰখা ৮৪১ কুইন্টল চাউল আৰু ৬২১ কুইন্টল আটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে আসাম ভেলি চিৰিয়েল প্ৰাইভেট লিমিটেডে শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ কেইবাখনো চাহ বাগিচাত আটা আৰু চাউল যোগান ধৰি আহিছে ৷

সম্প্ৰতি এই চৰকাৰী চাউল আৰু আটাখিনিৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই অভিযানকাৰী দলটোৱে ৷ পৰৱৰ্তী সময়ত নমুনা সংগ্ৰহৰ ফলাফলতহে প্ৰকৃত কথা ওলাই পৰিব ৷

লগতে পঢ়ক: অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত আমনিৰ হকী ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.