ETV Bharat / state

মানশিৰি নৈৰ ভয়ংকৰ গৰাখহনীয়া: নৈৰ বুকুত চৰকাৰী বিদ্যালয় জাহ যোৱাৰ উপক্ৰম

author img

By

Published : May 24, 2022, 9:41 PM IST

চতিয়া সমষ্টিত মানশিৰি নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে এখন চৰকাৰী বিদ্যালয়(Government Schools towards destruction in erosion) । ইতিমধ্যে নৈখনৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভুমি । শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

erosion of manshiri river in rangapara
মানশিৰি নৈৰ ভয়ংকৰ গৰাখহনীয়া: নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম চৰকাৰী বিদ্যালয়

ৰঙাপাৰা,২৪ মে': চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা মানশিৰি নৈখনে তীব্ৰ গৰাখহনীয়া সৃষ্টি কৰি আহিছে । নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে এখন চৰকাৰী বিদ্যালয়(Government Schools towards destruction in erosion) । যিকোনো সময়ত নৈখনৰ বুকুত জাহ যাব দপদপী-ৰংপুৰ প্ৰাথমিক বিদ্যালয়খন ।

১৯৭৮ চনত চতিয়া সমষ্টিৰ অন্তৰ্গত দপদপী-ৰংপুৰ গাঁৱত এক শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে দপদপী-ৰংপুৰত এখন বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছিল ৷ সম্প্ৰতি বিদ্যলয়খনলৈ ভাবুকি কঢ়িয়াই আনিছে কাষেৰে বৈ যোৱা মানশিৰি নৈখনে ৷

মানশিৰি নৈৰ ভয়ংকৰ গৰাখহনীয়া: নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম চৰকাৰী বিদ্যালয়

নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহাৰ ফলত বিদ্যালয়খনলৈ চৰম ভাবুকি কঢ়িয়াই অনিছে ৷ ইতিমধ্যে বিদ্যালয়খনৰ ১ বিঘা ভুমি নৈখনৰ বুকুত জাহ গৈছে ৷ বিদ্যালয়খনৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত্বত বৈ আছে মানশিৰি নৈ ।

যিকোনো সময়ত নৈখনৰ বুকুত জাহ যাব বিদ্যালয়খন । ক্ৰমান্বয়ে সুঁতি সলনি কৰা নৈখনৰ বুকুত জাহ গৈছে কৃষক ৰাইজৰ শ শ বিঘা কৃষিভূমি । যদিহে চৰকাৰে অতিশীঘ্ৰে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ’লে অনাগত দিনত বিদ্যালয়খন নিঃশেষ হৈ যোৱাটো নিশ্চিত বুলি উল্লেখ কৰিলে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: কাজিৰঙাৰ বন্য জীৱবোৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাজপথত নামিছে নগাঁও পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.