ETV Bharat / state

Surrender ceremony in Itanagar: কাইলৈ ইটানগৰত আত্মসমৰ্পণ কৰিব নগা বিদ্ৰোহী গোট ENNGয়ে

author img

By

Published : Mar 11, 2023, 10:26 PM IST

Surrender ceremony in Itanagar
কাইলৈ ইটানগৰত আত্মসমৰ্পণ কৰিব নগা বিদ্ৰোহী গোট ই এন এন জিয়ে

দেওবাৰে ইটানগৰত আত্মসমৰ্পণ কৰিব বৃহৎ সংখ্যক নগা উগ্ৰপন্থী গোটৰ সদস্যই (Surrender ceremony in Itanagar) ৷ ENNG নামৰ উগ্ৰপন্থী গোটটোৰ সদস্যই গোটটোৰ সভাপতিসহ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত আত্মসমৰ্পণ কৰাৰ লগতে জমা দিব বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ এই আত্মসমৰ্পণৰ পাছতেই অৰুণাচলত সেনা বাহিনীৰ বিশেষ ক্ষমতা আই উঠাই লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

তেজপুৰ, 11 মাৰ্চ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দেওবাৰে অনুষ্ঠিত হ’ব বৃহৎ আত্মসমৰ্পণ অনুষ্ঠান ৷ ৰাজ্যখনৰ উগ্ৰপন্থী গোটৰ সদস্যই আত্মসমৰ্পণ কৰাৰ লগতে কৰিব অস্ত্ৰ সম্বৰণ ৷ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (Pema Khandu) উপস্থিত আত্মসমৰ্পণ কৰিব নগা বিদ্ৰোহী গোটৰ সদস্যসকলে (Surrender ceremony in Itanagar) ৷

প্ৰাপ্ত তথ্য অনুসৰি, পূব অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ , চাংলাং জিলাৰ অন্তৰ্গত ইষ্টাৰ্ণ নগা নেশ্যনেল গৰ্ভমেণ্ট (Eastern Naga National Government) চমুকৈ ENNG উগ্ৰপন্থী গোটৰ সভাপতিৰ লগতে সদস্যসকলে আত্মসমৰ্পণ কৰাৰ লগতে জমা দিব বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷

স্মৰ্তব্য যে, ফেব্ৰুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে নগা উগ্ৰপন্থীৰ এটা শিবিৰ ধ্বংস কৰাৰ লগতে বহুতো অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছিল ৷ লগতে অগ্নিসংযোগ কৰি আৰক্ষীয়ে শিবিৰটো ধ্বংস কৰিছিল (Operation against Naga militant outfit) ।

চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত আছিল এই শিবিৰটো ৷ অৱশ্যে এই অভিযানৰ সময়ত শিবিৰটোত থকা 5 নগা উগ্ৰপন্থী সদস্য পলাই যাবলৈ সক্ষম হয় ৷ শিবিৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছিল এটা AK-47, এটা M-16 ৰাইফল, হস্তনিৰ্মিত গ্ৰেনেড আৰু 120 ৰাউণ্ড সক্ৰিয় গুলী ৷

দেওবাৰৰ এই আত্মসমৰ্পণ অনুষ্ঠানত অসম ৰাইফলছৰ সঞ্চালক প্ৰধানো উপস্থিত থাকিব ৷ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বিগত সময়চোৱাত বহুতো অপৰাধজনিত ঘটনা সংঘটিত হৈ থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ কেইখনমান জিলাৰ অন্তৰ্গত আৰক্ষী থানাৰ অধীনত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA অব্যাহত ৰাখিছিল (Armed Forces Special Power Act) ।

এই আত্মসমৰ্পণৰ পাচত অৰুণাচল প্ৰদেশত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অৱশ্যে দেওবাৰে কিমান সংখ্যক নগা উগ্ৰপন্থী গোটৰ সদস্যই আত্মসমৰ্পণ কৰিব সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: H3N2 influenza virus : দ্ৰুত গতিত বৃদ্ধি পাইছে H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছ, উদ্বিগ্ন নীতি আয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.