চাৰিদুৱাৰত এনকাউন্টাৰ: ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Sep 20, 2021, 4:34 PM IST

Encounter at chariduar in Sonitpur etv bharat assam

শোণিতপুৰ জিলাৰ খনামুখৰ গুদামঘাটত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰে এনকাউন্টাৰৰ ঘটনা । নিশাৰ ভাগত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতেই এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়াই আহত কৰে চাৰিদুৱাৰ আৰক্ষীয়ে ৷

ৰঙাপৰা, 20 ছেপ্টেম্বৰ : ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত আছে ৷ ইয়াৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কেইবাটাও এনকাউন্টাৰ ঘটনাও সংঘটিত হৈছে ৷ শোণিতপুৰ জিলাৰ খনামুখৰ গুদামঘাটত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰে এনকাউন্টাৰৰ এক ঘটনা সংঘটিত হয়।

নিশাৰ ভাগত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়াই আহত কৰে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ এই এনকাউন্টাৰ ঘটনা সংঘটিত হোৱাৰ পাচতে খনামুখৰ গুদামঘাটত চাঞ্চল্যৰ সৃষ্টি হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি নিশাৰ ভাগত এক গোপন তথ্যৰ পম খেদি চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল ৷

শোনিতপুৰৰ চাৰিদুৱাৰত এনকাউন্টাৰ

লগতে পঢ়ক: বিটিআৰৰ ই এম গৌতম দাসৰ বাহনত আক্ৰমণ

অভিযানত এখন নম্বৰ বিহীন চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে গুদামঘাটৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ তিনি সৰবৰাহকাৰীৰ নাম ক্ৰমে গুদামঘাটৰ অকাবস্তিৰ নিৱাসী ৰাহুল আমিন, ৰাজিবুৰ আৰু নুৰজামাল হক ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে প্ৰায় তিনি লাখ টকাৰ মূল্যৰ ১৩৬ টা ব্ৰাউন চুগাৰৰ কন্টেইনাৰ জব্দ কৰে ৷ ইফালে ড্ৰাগছ মাফিয়া ৰাহুল আমিনৰ ওচৰত মাৰণাস্ত্ৰ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতে মাৰণাস্ত্ৰ বিচাৰি গুদামঘাটৰ অকাবস্তিলৈ তিনি সৰবৰাহকাৰীক লৈ যোৱা সময়তে অন্ধকাৰৰ সুযোগ লৈ ৰাহুল আমিন পলাবলৈ চেষ্টা কৰে বুলি সদৰী কৰিছে আৰক্ষীয় সূত্ৰই ৷

এনে পৰিপেক্ষিতত ৰাহুল আমিনক ভৰিত গুলীয়াই আহত কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হোৱা ৰাহুল আমিন বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, ৰাহুল আমিন ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ উপৰিও তেল টেঙ্কাৰ হাইজেক কৰি দুবাৰকৈ কাৰাৰুদ্ধ হ'বলগীয়া হৈছিল ।

লগতে পঢ়ক: অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.