ETV Bharat / state

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: বিপদসংকুল যাতায়ত ৰাইজৰ

author img

By

Published : Jun 20, 2022, 12:38 PM IST

ৰঙাপৰাৰ শিয়ালমাৰীত গাভৰু নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত খহি পৰিল যাতায়তৰ মূলপথ (Embankment erosion at Rangapara) ৷ ফলত বিপদসংকুলভাৱে যাতায়ত কৰিবলীয়া হৈছে স্থানীয় ৰাইজে ৷ গৰাখহনীয়াত জাহ গৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি ৷

Embankment erosion Gabharu river at Rangapara
ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: বিপদ সংকুল যাতায়ত ৰাইজৰ

ৰঙাপৰা, 20 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বান(Flood in Assam) আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি থকাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিয়ালমাৰীত গাভৰু নৈত অব্যাহত আছে গৰাখহনীয়া । নৈখনে সৃষ্টি কৰা খহনীয়াত জাহ গ’ল বহুবিঘা কৃষিভূমি (Cultivation destroy in erosion at Rangapara)।

আনহাতে, গাভৰু নৈয়ে গাঁওখনত থকা মূল মথাউৰিটো সম্পূৰ্ণৰূপে খহাই নিয়াত(Embankment erosion at Rangapara) যাতায়তৰ মূলপথৰ লগতে নৈৰ বুকুত ইতিমধ্যে জাহ গৈছে বহু কৃষিভূমি ৷ কালৰূপ ধাৰণ কৰা নৈখনে 1 কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চিঙি পেলোৱাৰ ফলত ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলোৱাটাৰ গাঁৱত নৈখনে ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে ।

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: বিপদ সংকুল যাতায়ত ৰাইজৰ

ইফালে, গাভৰু নৈৰ প্ৰৱল সোঁতে পথটিত খহনীয়াৰ সৃষ্টি কৰাৰ ফলত ভগ্ন অংশৰে পানী বাগৰিবলৈ ধৰাত সম্প্ৰতি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰঙাপৰাৰ ভেলোৱাটাৰ, পগলাবিল, ঘটোৱা, নতুন ঘটোৱাকে ধৰি কেইবাখনো গাঁও নৈখনৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাতো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।

ইতিমধ্যে, নৈপৰীয়া ৰাইজে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । ইফালে, নৈখনৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে ৰাইজ । ইতিমধ্যে প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকল গাঁওখনত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে ।

Embankment erosion Gabharu river at Rangapara
ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: বিপদ সংকুল যাতায়ত ৰাইজৰ

ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱৰ ভগ্ন অংশৰে গাভৰু নৈৰ বাঢ়নী পানী বাগৰি থকাত চাৰিখন গাঁও জলমগ্ন কৰি তুলিছে । নৈখনৰ বাঢ়নী পানীয়ে বিশেষকৈ ভেলোৱাটাৰ আৰু শিয়ালমাৰী গাঁৱৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে ।

লগতে পঢ়ক : Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.