ETV Bharat / state

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ মিছামাৰী কৃষকৰ বিশেষ পদক্ষেপ

author img

By

Published : Aug 27, 2020, 11:14 AM IST

মিছামাৰীত টঙিঘৰ সাজি পহৰা দিছে কৃষক ৰাইজে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ জুংখাশ্ৰী গাঁৱৰ কৃষক ৰাইজে নিজৰ ধাননি পথাৰৰ মাজত পৃথকে পৃথকে সাজি লৈছে একোটা টঙিঘৰ ।

Elephant terror in Misamari : people pretect their crop fields
বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ মিছামাৰী কৃষকে লৈছে বিশেষ পদক্ষেপ

ৰঙাপৰা, 27 আগষ্টঃ শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ একাংশ কৃষক ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কৃষক ৰাইজে পথাৰৰ মাজত সাজি লৈছে ইটোৰ পিছত সিটো টঙিঘৰ । কৃষকসকলে টঙিঘৰত থাকি নিশা পহৰা দিছে নিজে খেতি কৰা ধাননি পথাৰখন । বনৰীয়া হাতীয়ে যাতে ধাননি পথাৰ গছকি বা খাই বিস্তৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰে বাবে মিছামাৰীৰ জুংখাশ্ৰী গাঁৱৰ কৃষক ৰাইজে বছৰৰ পিছত বছৰ ধৰি টঙিঘৰ সাজি পহৰা ব্যৱস্থাৰে কষ্ট স্বীকাৰ কৰি আহিছে ।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ মিছামাৰী কৃষকে লৈছে বিশেষ পদক্ষেপ

উল্লেখ্য যে, মিছামাৰীৰৰ উত্তৰ দিশত আছে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য । অভয়াৰণ্যত জাক জাক বনৰীয়া হাতীয়ে আশ্ৰয় লৈ আহিছে । খাদ্যৰ সন্ধানত মাজে সময়ে বনৰীয়া হাতীয়ে অভয়াৰণ্যখনৰ পৰা ওলাই আহি দাঁতি কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি কৃষিভূমি গছকি ক্ষতি সাধন কৰাৰ উপৰিও ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাই আহিছে । ফলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ জুংখাশ্ৰী গাঁৱৰ কৃষক ৰাইজে নিজৰ ধাননি পথাৰৰ মাজত পৃথকে পৃথকে সাজি লৈছে একোটা টঙিঘৰ ।

Elephant terror in Misamari : people pretect their crop fields
বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ মিছামাৰী কৃষকে লৈছে বিশেষ পদক্ষেপ

ইফালে বনৰীয়া হাতীয়ে যাতে অভয়াৰণ্যখনৰ দাঁতি কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে গোলাই চেণ্টাৰলৈকে সৌৰশক্তি তাঁৰ স্থাপন কৰিছিল । তাৰ পিছৰ অংশখিনি ৰাইজে নিজাববীয়াকৈ দিয়াৰ ব্যৱস্থা কৰি লয় । বৰ্তমান উক্ত এলেকাটোত সৌৰশক্তি তাঁৰ লগোৱা আছে যদিও অঞ্চলটোৰ কৃষক ৰাইজ আশ্বস্ত নহয় । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় কৃষক ৰাইজে নিশা ঘৰৰ বিপৰীতে টঙিঘৰত থাকি ধাননি পথাৰ ডৰা পহৰা দি আহিছে । কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৃষক ৰাইজে ধান খেতি কৰাৰ উপৰিও অন্যান্য শাক-পাছলিৰ খেতি কৰি পৰিয়ালটোক পোহপাল দি আহিছে । কৃষক ৰাইজে বন বিভাগ তথা চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ নৈশ বাছত ৰহস্যজনক মৃত্যু যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.