ETV Bharat / state

Durga Puja 2023 : তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:38 PM IST

Durga Puja 2023
তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো মহাষষ্ঠীৰ ব্যাপক আয়োজন কৰা হৈছে । নৃত্য পটিয়সী প্ৰেৰণা বৈশ্যৰ নেতৃত্বত মহীষমৰ্দিনী শীৰ্ষক বিশেষ নৃত্যৰ আয়োজন কৰা হৈছে ।

তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা

তেজপুৰ,২০ অক্টোবৰ : আহিনৰ কুঁৱলীৰ দলিচাত ভৰি দি ধৰাৰ বুকুলৈ আগমন হ'ল দেৱী দুৰ্গাৰ । এইবাৰ ঘোঁৰাৰে আগমন দুৰ্গতিনাশিনীৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ ঐতিহাসিক স্থানসমূহতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে । দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ তেজপুৰ চহৰ । একপ্ৰকাৰ দেৱীৰ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে তেজপুৰত ।

তেজপুৰত নৃত্য পটিয়সী প্ৰেৰণা বৈশ্যৰ নেতৃত্বত দেৱীৰ আগমনৰ সময়ত মহীষমৰ্দিনী শীৰ্ষক বিশেষ নৃত্যৰ আয়োজন কৰা হয় । এইবাৰ দেৱীৰ আগমন অৰ্থাৎ মহালয়া ১৩ অক্টোবৰ নিশা ৯ বাজি ৫০ মিনিট ২০ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে ১৪ অক্টোবৰৰ নিশা ১১ বাজি ২৪ মিনিট ২৪ ছেকেণ্ডত সমাপ্ত হয় । আহিন মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদৰ পৰা আৰম্ভ হৈ অমাৱস্যা পৰ্যন্ত অৰ্থাৎ ১০ দিন পিতৃপক্ষ বা প্ৰেতপক্ষ বুলি শাস্ত্ৰত অভিহিত কৰা হৈছে ।

পবিত্ৰ মহালয়াৰ পিছৰ দিনটোৰ পৰা দেৱী পক্ষ আৰম্ভ হয় । দেৱী পক্ষৰ প্ৰথম দিনটোত পৱিত্ৰ ৰাত্রি দেৱীক শ্ৰীশ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে পূৰ্বৰ ৯ দিন দেৱী দুৰ্গাৰ নৱৰাত্ৰিৰ ৯ টা ৰূপৰ পূজা সম্পন্ন হয় । আজি দেৱীৰ আগমন আৰু বেলবৰণ আৰু অধিবাস । সপ্তমী পূজাত অৰ্থাৎ শনিবাৰে দেৱীৰ নৱ পত্ৰিকা প্ৰৱেশ আৰু অষ্টমীৰ দিনা বিহিত পূজা কৰা হয় । একেদৰে মহা নৱমীত বলিবিধান আৰু অন্তিম তথা দশম দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয় ।

ইফালে তেজপুৰত একাংশ শিল্পীয়ে বিশেষ নৃত্যৰ জৰিয়তে ধৰাৰ বুকুলৈ দেৱীক আদৰিছে । ঐতিহাসিক দ' পৰ্বতীয়া তোৰণৰ পৰা আৰম্ভ কৰি ভৈৰৱী মন্দিৰলৈকে দেৱী দুৰ্গাক আৰাধনা কৰা দেখা গৈছে ।

লগতে পঢ়ক :Puja schedule of Assam CM : পূজাৰ দিন কেইটাত কেনে হ’ব মুখ্যমন্ত্ৰীৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.