ETV Bharat / state

Durga puja 2023: 160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 12:36 PM IST

দেৱীক কান্ধত তুলি তেজপুৰৰ মুখাৰ্জীবাড়ীত দেৱীক ষষ্ঠীৰ দিনা বেদীত প্ৰতিষ্ঠা । পৰম্পৰাগত ৰীতি-নীতি অনুসাৰে মুখাৰ্জী পৰিয়ালে দেৱীক বেদীত প্ৰতিষ্ঠা কৰে ৷

Durga idol Establishment of the goddess in tezpur
160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

তেজপুৰ, 20 অক্টোবৰ: আজি মহাষষ্ঠী । দুৰ্গা পূজাৰ ষষ্ঠীক লৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে সাংস্কৃতিক নগৰী তেজপুৰতো এখন শতিকা গৰকা দুৰ্গা পূজাক লৈ দেখিবলৈ পোৱা গৈছে উছাহ ৷

Durga idol Establishment of the goddess in tezpur
160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

তেজপুৰৰ বিখ্যাত মুখাৰ্জীবাড়ীৰ দুৰ্গা পূজাখনে এই বৰ্ষত ভৰি দিলে 160 বছৰত । নিজ গৃহতে সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে দশকৰ পিচত দশক ধৰি এটা পৰিয়ালে পাতি আহিছে দুৰ্গা পূজা ৷ আজোককাৰ দিনৰে পৰাই এই পূজা অৰ্চনা বিধিসন্মতভাবে পালন কৰি আহিছে মুখাৰ্জীবাড়ীৰ সুব্ৰত মুখাৰ্জীয়ে ৷ আজোনাতি সুব্ৰত মুখাৰ্জীয়ে পৰম্পৰাগত ৰীতি নীতি অনুসৰি পূজা অৰ্চনা কৰি আহিছে ।

Durga idol Establishment of the goddess in tezpur
160 বছৰত ভৰি দিলে মুখাৰ্জীবাড়ীৰ পূজাই

স্বৰ্গৰ দেৱীক প্ৰতিষ্ঠা কৰিবলৈ যিদৰে অপেশ্বৰীসকলে নৃত্য-গীত-শংখ ধ্বনিৰে আদৰণি জনায় একেদৰেই ষষ্ঠীৰ দিনাও দেৱীক আদৰিবলৈ প্ৰতি বছৰে আধ্যাত্মিক নৃত্য-গীত প্ৰদৰ্শন কৰা হয় মুখাৰ্জীবাড়ীৰ দুৰ্গা পূজাস্থলীত । উল্লেখ কৰা প্ৰয়োজন যে এই পূজাৰ মূৰ্তি কোনো বাহনৰ জৰিয়তে অনা নহয় পূৰ্বতে যিদৰে দেৱীক কান্ধত তুলি আনি প্ৰতিষ্ঠা কৰিছিল একেদৰেই আজিও মুখাৰ্জী বাড়ীত দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠা কৰা হয় ৷

আজি 160 বছৰ পিচতো পৰম্পৰাগত ৰীতি নীতিৰে দেৱীক কান্ধত তুলি আনি প্ৰতিষ্ঠা কৰাৰ বাবেই অঞ্চলটোত পূজাখনৰ আকৰ্ষণ বিশেষ । দেৱী বিসৰ্জনৰ বাবেও সেই একেই প্ৰচেষ্টা অব্যাহত ৰাখিছে মুখাৰ্জী পৰিয়ালে ৷ দেৱীক কান্ধত তুলিহে প্ৰতিমা বিসৰ্জন দিয়ে মুখাৰ্জী পৰিয়ালে ।

আয়তিসকলে ধূপ ,দ্বীপ, উৰুলি ,শংখ আৰু ঢাক-মাদলৰে এক উছৱমুখৰ পৰিৱেশত দেৱীৰ স্থান প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা ।

লগতে পঢ়ক: Cash For Query : হিৰানন্দনীৰ শপতনামাৰ ওপৰত প্ৰশ্ন মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.