ETV Bharat / state

ক'ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ আত্মহত্যা

author img

By

Published : Jul 9, 2021, 8:18 PM IST

covid patient sucide
শোণিতপুৰৰ ক'ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ আত্মহত্যা

শোণিতপুৰ জিলাৰ এটা ক'ভিড কেয়াৰ চেণ্টাৰত আত্মহত্যা এজন ৰোগীৰ । ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ জিলাখনতে । লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

তেজপুৰ, ৯ জুলাই : শোণিতপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । জিলাখনৰ এটা ক'ভিড কেয়াৰ চেণ্টাৰ(Covid care Centre)ত আত্মহত্যাৰ (Suicide) পথ বাছি লৈছে এগৰাকী ক'ভিড ৰোগীয়ে (Covid patient) । ৰোগীজন হাড়চূড়া চাহ বাগিছাৰ দীপক কুমাৰ গৌড় বুলি জানিব পৰা গৈছে ।

সোনাবিলস্থিত চেন্ট জেবিয়াৰ (St. Xavier) ক'ভিড চেন্টাৰত সংঘটিত হৈছে এই ৰহস্যজনক আত্মহত্যাৰ ঘটনা । ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত ৩২ বছৰীয়া লোকজনক ৬ জুলাইত ভৰ্তি কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ জিলাখনতে ।

শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্ব থকা অতিৰিক্ত উপায়ুক্ত (Deputy Commissioner) বন্তি তালুকদাৰ ইতিমধ্যে ক'ভিড কেয়াৰ কেন্দ্ৰত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে । আনহাতে উপায়ুক্ত (DC) ভূপেশ চন্দ্ৰ দাস ঘটনাস্থলীত উপস্থিত হৈছে । উপায়ুক্ত গৰাকীয়ে জনোৱা মতে ক'ভিড কেয়াৰ চেণ্টাৰৰ বাথৰূমত শুকুৰবাৰে বিয়লি লোকজনে এই ঘটনা সংঘটিত কৰে ।

ইতিমধ্যে ঘটনাস্থলীত জিলাখনৰ কেইবাগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত হৈছে । কিন্তু কিহৰ বাবে লোকজনে মৃত্যুৰ দৰে চৰম পথ বাছি ল'লে তাৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । সন্দেহৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা । লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।

ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । ইতিমধ্যে বিভিন্ন জিলাত পুনৰ ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ গণ সংক্ৰমণ । যাৰ বাবে পূৰ্বতকৈ কঠোৰ হ'বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক :মৰাণত চৰকাৰী আঁচনিৰ অগ্ৰগতি পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.