ETV Bharat / state

Cabinet meeting in Tezpur: কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে

author img

By

Published : Jun 11, 2022, 5:38 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৫০ সংখ্যক কেবিনেট বৈঠকখন আজি অনুষ্ঠিত হয় তেজপুৰত (Cabinet meeting in Tezpur) ৷ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা এইখন হৈছে চতুৰ্থখন কেবিনেট বৈঠক ৷ কি কি সিদ্ধান্ত লোৱা হ'ল আজিৰ এই কেবিনেটত ৷ পঢ়ক এই প্ৰতিবেদন-

কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে
কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে

তেজপুৰ, ১১ জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণৰ পিছত আজি তেজপুৰত অনুষ্ঠিত হয় বৰ্দ্ধিত কেবিনেটৰ প্ৰথমখন বৈঠক (Cabinet meeting in Tezpur) ৷ আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেটৰ অন্তত এক সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত এইখন ৫০ সংখ্যক আৰু দিছপুৰৰ বাহিৰত চতুৰ্থখন কেবিনেট বৈঠক ৷

তেওঁৰ চৰকাৰৰ কাৰ্যকালত অনুষ্ঠিত কেবিনেট বৈঠকসমূহত বৰ্তমানলৈকে সৰ্বমুঠ ৬০০ টা সিদ্ধান্ত লোৱা হৈছে (Six hundred decisions have been taken by Himanta Biswa Sarma cabinet till now)। এই ৬০০ সিদ্ধান্তৰ কিমানখিনি কাৰ্যকৰীহৈছে তাক চোৱাচিতাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব অৰ্পন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । ড৹ শৰ্মাই আৰু কয় যে ১৯৯২ চনৰে পৰা বিভিন্ন জিলাৰ মাটিৰ আৱণ্টন সম্পৰ্কীয় মুঠ ১,০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আবদ্ধ হৈ আছিল । আজিৰ কেবিনেটে এইসমূহ প্ৰস্তাৱত অনুমোদন দিয়ে ।

কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে
কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে

আনহাতে, আম খেতি, সৌৰ শক্তি, চাহ খেতি আদি কৰিব বিচৰা লোকসকলৰ বাবে সুখবৰ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অমৃত সৰোৱৰ নিৰ্মাণৰ বাবে ৩৫০ কোটি টকা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ পৰা অনুমোদন দিয়া হৈছে ৷ এতিয়াৰে পৰা পৌৰ নিগম-নিকায়ৰ মুখ্য কাৰ্যবাহী বিষয়া, অভিযন্তা, গাণনিক বিষয়াক চৰকাৰে নিযুক্তি দিব (Government will appoint CEO Engineer Accounts Officer in Municipalities) । তেওঁলোকৰ বদলিকৰণো হ'ব ।

তেওঁলোকক দৰমহা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ সৌৰশক্তি আহৰণৰ বাবে অসমত ১,০০০ মেগাৱাট নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ'ব । প্ৰায় ৫,০০০ কোটি টকা বিনিয়োগ হ'ব এই প্ৰকল্পত । অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমিত এই প্ৰকল্পসমূহ নিৰ্মাণ হ'ব । শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ, ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটে ৮,৭২৭ কোটি টকা অনুমোদন জনায় । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে প্ৰদান কৰিব এই পুঁজি ।

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ নামত সমিতি গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । আনহাতে গুৱাহাটীত পাচঁহাজাৰ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন জনাইছে আজিৰ কেবিনেটে ৷ বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰ বাবে দ্বিতীয় পৰ্যায়ৰ ধন কেবিনেটে মুকলি কৰাৰ লগতে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনাইছে ৷

ইপিনে লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰিবলৈ ঘূণাসুতিৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবেও আজি কেবিনেটে ৩৮৩ কোটি টকাৰ অনুমোদন দিয়ে (New bridge between Lakhimpur and Dhakuakhana) । ইয়াৰ ফলত লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ দূৰত্ব হ্ৰাস পাব । বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাক এখন দলঙেৰে সংযোগৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে । ইয়াৰ বাবে ২৪৭ কোটি টকা অনুমোদন জনোৱা হয় ।

আনহাতে তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ বাবে আজিৰ কেবিনেটে Revised অনুমোদন দিয়া জনায় । পূৰ্বতকৈ দীঘল হ'ব সেতুখন । যাৰ বাবে প্ৰায় ৫০০ কোটি টকা ব্যয় কৰা হ'ব । একেদৰে বাণ থিয়েটাৰৰ উন্নয়নৰ বাবে কেবিনেটে আজি ৪ কোটি টকা অনুমোদন জনায় (State cabinet approved four crores to Baan Theater) ৷ মৰা ভৰলুৰ পুনৰ খননৰ বাবে ১৫ কোটি টকা, তেজপুৰৰ বৰপুখুৰী উন্নয়নৰ বাবে ১৬ কোটি টকা অনুমোদন দিয়া হয় ৷ কেবিনেটে তেজপুৰৰ কাৰাগাৰখন চাৰিদুৱাৰলৈ স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত লয় ৷ বৰ্তমানৰ কাৰাগাৰৰ স্থানত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে । বৰ্তমানৰ কাৰাগাৰৰ ৬৪ বিঘা মাটিত হ'ব এই প্ৰকল্প । আনহাতে তেজপুৰত উৎপাদিত লিচু লণ্ডনলৈ ৰপ্তানি কৰিবলৈ সিদ্ধান্ত লোৱা হয় (Tezpur litchi will be exported to London)। বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় FPCৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে পুঁজিৰ অনুমোদন দিব ।

লগতে পঢ়ক: Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.