ETV Bharat / state

Dhekiajuli Minor Girl Dead, দৰং আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Aug 12, 2022, 10:43 PM IST

Updated : Aug 13, 2022, 11:14 AM IST

Dhekiajuli Minor Girl Dead
দৰং আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তিনিমাহ পূৰ্বে দৰঙৰ ধূলাত বনকৰা হিচাপে কাম কৰা এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ(Dhekiajuli Minor Girl Dead) ঘটনাৰ সন্দৰ্ভত আজি কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কিশোৰীগৰাকীৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰে ৷

তেজপুৰ, ১২ আগষ্ট: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত কিশোৰী আৰতি তুৰিৰ বাসগৃহত উপস্থিত হৈ দৰং আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট বুলি মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বনকৰা কিশোৰী আৰতি তুৰিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠনৰ ঘোষণা মুখ্যমন্তৰীগৰাকীৰ ৷

আৰতি তুৰি নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰীগৰাকী ৷ তিনিমাহ পূৰ্বে দৰঙৰ ধূলাত বনকৰা হিচাপে কাম কৰা ১৩ বছৰীয়া কিশোৰী আৰতি তুৰিৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল(Dhekiajuli Minor Girl Dead)৷ এই সন্দৰ্ভত অভিযুক্ত কৃষ্ণ কমল বৰা আৰু নাৰ্জি নাথক ইতিমধ্যে দৰঙৰ ধূলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল’লৈ প্ৰেৰণ কৰিছে ৷ ঢেকিয়াজুলিস্থ কিশোৰীগৰাকীৰ ঘৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে মতবিনিময় কৰিবলৈ উপস্থিত হ’ল (Himanta Biswa Sarma at Dhekiajuli)৷

দৰং আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পৰিয়ালৰ সৈতে সুকীয়াকৈ এই সন্দৰ্ভত কথা পতাৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে যে আৰতি তুৰিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত দৰং আৰক্ষীয়ে গাফিলতি কৰিছে৷ প্ৰথমে গোচৰ ল’ব বিচৰা নাছিল ৷ পাচত গোচৰ ৰুজু কৰি দোষীক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু ইয়াৰ তদন্তত দৰং আৰক্ষীয়ে ক্ৰটি কৰিছে ৷ পৰিয়ালটোক ন্যায় দিবলৈ আজি SIT গঠনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী অশোক সিংঘাল, সাংসদ পল্লৱ লোচন দাস আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ ঘটনা সন্দৰ্ভত চৰকাৰে তৎপৰতাৰে ব্যৱস্থা গ্ৰহন কৰিব আৰু ন্যায় দিব পৰিয়ালটোক বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে ৷ ইপিনে আৰতি তুৰিৰ মাতৃ আৰু ভগ্নীয়ে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়াত সন্তুষ্টি প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Tragic incident: অসবৰ্ণ বিবাহ কৰাৰ বাবেই অতুল শৰ্মাক সৎকাৰৰ বাবে নাহিল কোনো

Last Updated :Aug 13, 2022, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.