ETV Bharat / state

চাৰিমাহ ধৰি বন্ধ সাপ্তাহিক হাট বজাৰ : সাহাৰ্য্যৰ দাবী ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিৰ

author img

By

Published : Jul 5, 2020, 1:30 PM IST

উল্লেখ্য যে, ৰাজ্য চৰকাৰে হাট বজাৰ সমূহ খোলাৰ নিৰ্দেশ দিছিল যদিও একাংশ ব্যৱসায়ী আৰু ৰাইজে হাট বজাৰ সমূহ খোলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷ বৰ্তমান ১৫ ৰ পৰা ২০ খন সপ্তাহিক হাট বজাৰৰ সৈতে জড়িত ব্যৱসায়ী, গাড়ী চালক, ঠেলা চালকসকলৰ অন্য বিকল্প নাই ৷ শোণিতপুৰ লখৰা সাপ্তাহিক বজাৰৰ পৰা চৰকাৰে সৰ্বাধিক কৰ সংগ্ৰহ কৰি আহিছে । সাপ্তাহিক বজাৰসমূহ বন্ধ হৈ পৰাত ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ।

Rangapara
ৰঙাপাৰা

ৰঙাপাৰা, 5 জুলাই : লকডাউনৰ বাবে হাহাকাৰ অৱস্থা ৰঙাপৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ । বিগত চাৰিমাহে বন্ধ হৈ আছে তেজপুৰ আৰু ঢেকিয়াজুলি মহকুমাৰ ২৫ খনকৈ হাট বজাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে সাপ্তাহিক হাট বজাৰৰ সৈতে জড়িত ১৫ হাজাৰ পৰিয়ালৰ । ইতিমধ্যে চৰকাৰৰ হস্তক্ষেপ বিচাৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্বলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিয়ে ।

ৰঙাপাৰা

লগতে পঢ়কঃ সংখ্যালঘু বন্যাৰ্তক সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে হাট বজাৰসমূহ খোলাৰ নিৰ্দেশ দিছিল যদিও একাংশ ব্যৱসায়ী আৰু ৰাইজে হাট বজাৰ সমূহ খোলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷ বৰ্তমান ১৫ ৰ পৰা ২০ খন সাপ্তাহিক হাট বজাৰৰ সৈতে জড়িত ব্যৱসায়ী, গাড়ী চালক, ঠেলা চালকসকলৰ অন্য বিকল্প নাই ৷ শোণিতপুৰ লখৰা সাপ্তাহিক বজাৰৰ পৰা চৰকাৰে সৰ্বাধিক কৰ সংগ্ৰহ কৰি আহিছে। সাপ্তাহিক বজাৰসমূহ বন্ধ হৈ পৰাত ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ।

সেয়ে শীঘ্ৰেই ৰাজ্য চৰকাৰক হাট বজাৰ সমূহ খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিয়ে ৷ অন্যথা হাট বজাৰৰ সৈতে জড়িত লোকক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সমিতিখনে । হাট বজাৰসমূহ বন্ধ হৈ পৰাৰ ফলত কৰ্মহীন হৈ পৰিছে ৰঙাপৰাৰ ১৫ হাজাৰ লোক ।
লগতে পঢ়ক : জম্মুৰ পুলৱামাত আইইডি বিস্ফোৰণ, আহত চিআৰপিএফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.