ETV Bharat / state

Border Roads Construction: পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

author img

By

Published : Jul 22, 2023, 8:09 PM IST

পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-কালেকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ ফালৰ পৰা যুদ্ধকালীন ৰূপত অব্যাহত আছে মেৰামতি কাৰ্য ৷

BRO reconstruction work on Orang-Tawang road
পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

তেজপুৰ, ২২ জুলাই : বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত পশ্চিম অৰুণাচল প্ৰদেশৰ গুৰুত্বপূৰ্ণ মূল পথত যাতায়তৰ বাবে বিপজ্জনক হৈ পৰিছিল ৷ ইয়াৰ পিচতে তেজপুৰস্থিত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্টকয়ে ওৰাং-কালেকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং (অ’কেএছআৰটি) সংযোগী পথত হোৱা ভয়াবহ ভূমিস্খলনৰ পৰা বহুতো লোকক উদ্ধাৰ কৰাৰ লগতে পথৰ মেৰামতি সম্পূৰ্ণ কৰে ।

পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য
পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

প্ৰজেক্ট ভৰ্টকৰ কৰ্তৃপক্ষই জনোৱা মতে, বাৰিষাৰ সময়ছোৱাত সমগ্ৰ দেশৰ পাহাৰীয়া ভূখণ্ডত ভূমিস্খলন এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে, যাৰ ফলত চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলতে যথেষ্ট ক্ষতিসাধন হৈছে। এই ঘটনাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছে আৰু অত্যাৱশ্যকীয় সেৱাসমূহত ব্যাঘাত জন্মিছে। এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই পশ্চিম অৰুণাচল প্ৰদেশৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত সীমান্ত পথ সংগঠনৰ দলসমূহে এনেধৰণৰ ব্যাঘাতৰ প্ৰভাৱ ন্যূনতম কৰিবলৈ পূৰ্ব-নিৰ্ধাৰিত ব্যৱস্থা আৰু ব্যাপক নিষ্কাশনৰ পদক্ষেপৰ ওপৰত গুৰুত্ব অধিক তীব্ৰতৰ কৰে।

পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য
পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

ভূমিস্খলনে সৃষ্টি কৰিব পৰা সম্ভাৱ্য ভাবুকিক প্ৰতিহত কৰি প্ৰজেক্ট ভৰ্টকে অতিৰিক্ত সঁজুলি আৰু প্ৰশিক্ষণৰ সৈতে নিজৰ ভূমিস্খলন নিষ্কাশন দলসমূহ সক্ৰিয়ভাৱে ওৰাং-কালেকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং (অ’কেএছআৰটি) আৰু বালিপাৰা-চাৰৰ্দুৱাৰ-টাৱাং (বিচিটি) পথৰ সম্ভাৱ্য ভূমিস্খলন এলেকালৈ তেওঁলোকৰ উন্নত সঁজুলি আৰু দল নিয়োগ কৰে। ৫৮.৮০ কিলোমিটাৰত বৃহৎ আকাৰৰ ভূমিস্খলন আৰু অ’কেএছআৰটি পথৰ আন বিভিন্ন স্থানত একাধিক অৱৰোধ সংঘটিত হয়।

পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য
পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

বিচিটিত ৪৬ কিলোমিটাৰ, ৪৯ কিলোমিটাৰ, ৫৬.৬০ কিলোমিটাৰ, ৫৮ কিলোমিটাৰ আৰু ১০৫.৩০ কিলোমিটাৰত পথৰ স্লাইড সংঘটিত হয় । যাতায়ত আৰু সঁজুলিৰ সুৰক্ষা নিশ্চিত কৰাৰ সমান্তৰালকৈ ক্লীয়াৰেন্সৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে পৰ্যাপ্ত সঁজুলিৰে সুসজ্জিত প্ৰজেক্ট ভৰ্টকৰ দক্ষ কৰ্মীসকলে এই বাৰে বাৰে হোৱা বৃহৎ ভূমিস্খলনৰ প্ৰতি সঁহাৰি জনাই অক্লান্তভাৱে কাম কৰি আহিছে আৰু পৰৱৰ্তী সময়ত যাতায়তৰ ব্যৱস্থা পুনৰুদ্ধাৰ কৰি আৰু অত্যাৱশ্যকীয় যোগান আৰু জৰুৰীকালীন সেৱাৰ নিশ্চিত কৰে ।

পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য
পশ্চিম অৰুণাচল প্ৰদেশৰ ওৰাং-টাৱাং পথত বৰ্ডাৰ ৰোডছৰ যুদ্ধকালীন মেৰামতি কাৰ্য

কৰ্মীসকলৰ অবিৰত প্ৰচেষ্টা আৰু সুগম যাতায়ত নিশ্চিত কৰি অতি কম সময়ৰ ভিতৰতে পথসমূহ মুকলি কৰাটো নিশ্চিত কৰিছিল প্ৰকল্প ভৰ্টকৰ এই দক্ষ পেছাদাৰীসকলে ।

লগতে পঢ়ক: Assam and Meghalaya border issue: অসম-মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.