ETV Bharat / state

Assam and Meghalaya border issue: অসম-মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীৰ বৈঠক

author img

By

Published : Jul 22, 2023, 5:37 PM IST

minister level regional committee meeting on assam and meghalaya border issue
অসম-মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীৰ বৈঠক

অসম-মেঘালয়ৰ সীমা বিবাদক লৈ আঞ্চলিক সমিতিৰ বৈঠকত অসমৰ মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইচনৰ অংশগ্ৰহণ৷ সীমা সমস্যাকলৈ ২৫ আগষ্টত পুনৰ আলোচনাত বহিব আঞ্চলিক কমিটী৷ ২৬ আগষ্টত বিবাদমান পশ্চিম ডিমৰীয়া অঞ্চলৰ বিবাদমান এলেকা যুটীয়াভাৱে ভ্ৰমণ কৰিব আঞ্চলিক কমিটিয়ে ৷

অসম-মেঘালয়ৰ সীমা বিবাদক লৈ কইনাধৰাত বৈঠক

গুৱাহাটী, ২২ জুলাই: অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদৰ 6 টা সমস্যাৰ ইতিমধ্যে মীমাংসা হৈছে যদিও এতিয়াও ছটা এলেকাৰ বিবাদ মীমাংসা হ'বলৈ বাকী আছে। বাকী থকা 6 টা জটিল বিবাদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হোৱাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ 24 মে'ত গুৱাহাটীত অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পাচত শনিবাৰে দুয়োখন ৰাজ্যৰ মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটীৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে 14 জুনত অসমৰ মন্ত্রী পীযুষ হাজৰীকা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াভালাংগ ধৰৰ উপস্থিতিত শ্বিলঙত যুটীয়া আঞ্চলিক সমিতিৰ দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।

শনিবাৰে গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা আঞ্চলিক সমিতিৰ বৈঠকত অসমৰ হৈ মন্ত্রী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী আৰু মেঘালয়ৰ হৈ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইচন উপস্থিত আছিল। কামৰূপ মহানগৰ আৰু কামৰূপ জিলা সম্পৰ্কীয় দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ বৈঠকত বিধায়িকা নন্দিতা দাস, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ আয়ুক্তদ্বয়কে ধৰি দুয়োখন ৰাজ্যৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

বৈঠকত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সীমান্তৰ ৩ টা বিবদমান এলেকাৰ ওপৰত আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্রী অতুল বৰাই কয় যে সীমা সমস্যাকলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে গঠন কৰি দিছিল তিনিখনকৈ আঞ্চলিক কমিটী । সীমা সমস্যাকলৈ 25 আগষ্টত আঞ্চলিক কমিটীৰ পুনৰ কইনাধৰাত বৈঠক অনুষ্ঠিত হ'ব।

আনহাতে 26 আগষ্টত বিবাদমান পশ্চিম ডিমৰীয়া অঞ্চলৰ সীমা সমস্যাকলৈ যুটীয়াভাৱে সীমান্ত ভ্ৰমণ কৰিব আঞ্চলিক কমিটিয়ে । পশ্চিম ডিমৰীয়াত 150 খন খাচী গাঁও থকা দাবী কৰে মেঘালয়ে । এই সন্দৰ্ভত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া জিলা উপায়ুক্ত সকলে পৰ্যবেক্ষণ কৰিব। দুয়োখন জিলাৰ উপায়ুক্তসকলে আজি বৈঠকত বিবাদমান এলেকা সন্দৰ্ভত তথ্য আগবঢ়াইছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি বাকী থকা সীমা বিবাদ স্থায়ীভাৱে সমাধানৰ অন্তিম পৰ্যায়ত আছে । তেওঁ লগতে কয় যে আমি নিশ্চিত যে সীমান্ত অঞ্চলসমূহে অতি সোনকালে দ্ৰুত উন্নয়ন আৰু স্থায়ী শান্তিৰ সাক্ষী হ'ব । আনহাতে মেঘালয়ৰ উপ-মুখ্যমন্ত্রী প্ৰেষ্টন টাইচনে কয় যে আজিৰ বৈঠকত সৌহাদ্যপূৰ্ণ আলোচনা হৈছে ।

সীমা সমস্যা সমাধানত অসম চৰকাৰে ইতিবাচক সঁহাৰি জনাইছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসকলৰ ভুমিকাক তেওঁ প্ৰশংসা কৰে । উল্লখ্য যে ছটা বিবাদমান এলেকাৰ বাবে অসমত মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰীকাৰ অধ্যক্ষতাত অসম চৰকাৰে তিনিখন কমিটী গঠন কৰি দিছে।

সেইদৰে মেঘালয় চৰকাৰেও তিনিখন আঞ্চলিক কমিটি গঠন কৰি দিছে । ইতিমধ্যে দুয়োখন ৰাজ্যৰ কমিটিসমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি ৰাইজৰে মতবিনিময় কৰিছে । লগতে কেইবালানি বৈঠকতো মিলিত হৈছে ৷

লগতে পঢ়ক: Manipur Violence : অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ, দিলে অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.