ETV Bharat / state

Lumla Constituency Bypoll: অৰুণাচল প্ৰদেশৰ লুমলাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Feb 2, 2023, 9:53 PM IST

Lumla Constituency Bypoll
অৰুণাচল প্ৰদেশৰ লুমলাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল

অৰুণাচলৰ লুমলা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থীয়ে বৃহস্পতিবাৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সমষ্টিটোৰ পূৰ্বৰ বিধায়ক জম্বে তাছিৰ পত্নীয়ে প্ৰতিনিধিত্ব কৰিব নিৰ্বাচনত ৷ উল্লেখ্য ৰোগত আক্ৰান্ত হৈছে মৃত্যু হৈছিল বিধায়ক জম্বে তাছি ৷

তেজপুৰ, 2 ফেব্ৰুৱাৰী: দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন সমাগত । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ লগতে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ 1নং লুমলা এছ টি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰা হয়(By election in arunachal pradesh) । 1নং লুমলা এছ টি সমষ্টিৰ বাবে প্ৰাক্তন বিধায়ক জম্বে তাছিৰ(Arunachal Pradesh MLA Jambey Tashi dies) পত্নীয়ে বিজেপি দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ।

Lumla Constituency Bypoll
অৰুণাচল প্ৰদেশৰ লুমলাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল

উল্লেখ্য যে, লুমলা সমষ্টিৰ বিধায়কগৰাকীৰ বিগত বৰ্ষৰ 2 নৱেম্বৰত দুৰাৰোগ্য ৰোগত মৃত্যু ঘটিছিল । তেওঁৰ মৃত্যুৰ পাচত নিৰ্বাচন আয়োগে উক্ত সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ অৰুণাচল চৰকাৰে জম্বে তাছিৰ পত্নী চেৰিং লহামুক এইবাৰ উপ-নিৰ্বাচনৰ বাবে উক্ত সমষ্টিৰ বাবে মনোনীত কৰে । বৃহস্পতিবাৰে চেৰিং লহামুয়ে টাৱাং জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে(Arunachal Lumla constituency) ।

Lumla Constituency Bypoll
জম্বে তাছিৰ পত্নীয়ে দাখিল কৰিলে মনোনয়ন

উপ-নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰৰ পৰা অহা 7 ফেব্ৰুৱাৰীলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 8 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষা সম্পন্ন হ’ব(Lumla Bypoll In Arunachal) ৷ আনহাতে, 10 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব । উল্লেখ্য যে, বিগত সপ্তাহত অৰুণাচল প্ৰদেশৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল পিপলছ পাৰ্টি অৱ অৰুণাচল (Peoples Party of Arunachal) য়ে লুমলাৰ গাঁও বুঢ়া লেকি নৰবোৰ নাম ঘোষণা কৰিছিল প্ৰাৰ্থীত্বৰ বাবে । লুমলা সমষ্টি অনুসূচীতৰ বাবে (ST) ৰ বাবে সংৰক্ষিত সমষ্টি (Lumla constituency by election)।

এই সমষ্টিটোত 8,885 গৰাকী ভোটাৰ আছে ৷ ইয়াৰে 4330 জন পুৰুষ আৰু 4555 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰ । 2019 চনৰ অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত লুমলাত ভোটাৰৰ হাৰ আছিল 87.15শতাংশ । 2014 চনৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ হাৰ আছিল 87.4 শতাংশ ৷

2014 চনত অৰুণাচল প্ৰদেশ ৰাজ্যিক বিধানসভা নিৰ্বাচনত আই এন চিৰ জম্বে তাছিয়ে এই আসনত আই এন ডিৰ প্ৰাৰ্থীক 1499 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে যিটো মুঠ ভোটৰ 20.97 শতাংশ ব্যৱধান । জাম্বে তাছিয়ে মুঠ ভোট লাভ কৰিছিল 7147 টা ৷

লগতে পঢ়ক: Sahitya Sabha Controversy: সাহিত্য সভাৰ মাজতে লখিমপুৰত আদৰণি সমিতিৰ সভাপতিৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.