ETV Bharat / state

Assam Politics : ৰাজ্যৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তনৰ সম্ভাৱনা; প্ৰাক্তন আছু, অগপ নেতাৰ কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 1:02 PM IST

Updated : Sep 28, 2023, 2:18 PM IST

Assam Politics
Assam Politics

দেশ তথা ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ প্ৰবল ঢৌৰ বিপৰীতে জাতীয় দল তথা আঞ্চলিক ৰাজনীতিৰ শিবিৰৰ পৰা কেইবাজনো নেতাই কংগ্ৰেছলৈ ঢাপলি মেলাৰ প্ৰস্তুতি চলাইছে । ইয়াৰ ভিতৰত আছে আছুৰ প্ৰাক্তন সভাপতিকে ধৰি অগপৰ পূৰ্বৰ কাৰ্যকালৰ দুজন বিধায়কো । কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে, তেওঁলোকে শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব ।

তেজপুৰ, ২৮ ছেপ্টেম্বৰ : ৰাজ্যৰ ৰাজনীতিত ব্যাপক সালসলনিৰ ইংগিত পোৱা গৈছে । কংগ্ৰেছৰ এক বিশেষ সূত্ৰ মতে, আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো আৰু অগপ নেতা ক্ৰমে উৎপল দত্ত আৰু কমলাকান্ত কলিতাৰ লগতে কেইবাগৰাকীও আগশাৰীৰ নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশত যোগদান কৰাৰ সম্ভাৱনা আছে ।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ইটিভি ভাৰতক জনোৱা মতে, আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৱে অহা ১১ অক্টোবৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰাৰ বিপৰীতে অগপৰ দুগৰাকী নেতাৰ যোগদান প্ৰায় নিশ্চিত হৈছে । ইয়াৰ বিপৰীতে দুবাৰৰকৈ অগপ দলৰ পৰা বিধায়ক হোৱা সত্যব্ৰত কলিতাৰ সৈতে আলোচনা এতিয়াও চলি আছে ।

জানিব পৰা মতে, এই দুয়োগৰাকী একেটা দলৰ বিষয়ববীয়াই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনীয়তা আছে । উল্লেখ্য যে দল বাগৰাৰ ৰাজনীতি ভাৰতবৰ্ষ তথা অসমৰ ৰাজনীতিত কোনো নতুন কথা নহয় যদিও জীৱনৰ আধা সময় নিজে দল গঠন কৰি সেই দলত প্ৰতিনিধিত্ব কৰাৰ পিছত অন্য দললৈ ঢাপলি মেলাটো এক চিন্তনীয় বিষয় ।

উল্লেখযোগ্য যে ২০০৯ চনত পূৰ্বে অগপৰ সৈতে থকা প্ৰবীণ বড়োৱে বড়োলেণ্ড পিপ'লছ ফ্ৰণ্টত সাধাৰণ সম্পাদক হিচাপে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে বড়োৱে আছু এৰি ২০০৬ চনৰ পৰা অগপৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিগত বৰ্ষৰ জুন মাহত প্ৰবীণ বড়োৱে বিপিএফ দলৰ পৰাও পদত্যাগ কৰে । একেদৰে কমলাকান্ত কলিতাই অসমৰ অগপ শাসনৰ সময়ত দুবাৰকৈ অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ পৰা তিনিবাৰকৈ অসম বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আনহাতে, উৎপল দত্তই লখিমপুৰ সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখ্য যে শেহতীয়াভাৱে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই আগন্তুক সাধাৰণ নিৰ্বাচনত বিভিন্ন ৰাজ্যত আসন বুজাবুজিৰে বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ ৰণকৌশল ৰচিছে । ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় তথা আঞ্চলিক দলে এই বিৰোধী মিত্ৰজোঁটত যোগদান কৰিছে । এতিয়া অসমত এইকেইগৰাকী আছু তথা অগপ নেতাই কংগ্ৰেছত যোগদান কৰাৰ পিছত দলটোৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক :Assam CM wife Subsidy Controversy: এটা বিষয়ত মাত মাতিব নোৱাৰিব গৌৰৱ গগৈয়ে; আদালতে দিলে নিৰ্দেশ

Last Updated :Sep 28, 2023, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.