ETV Bharat / state

বিলাতী সুৰাৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান নকৰে অসম চৰকাৰে

author img

By

Published : Oct 16, 2020, 5:05 PM IST

বিলাতী সুৰাৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান নকৰে অসম চৰকাৰে
বিলাতী সুৰাৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান নকৰে অসম চৰকাৰে

বিলাতী সুৰাৰ নামত অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা এচামৰ বিৰুদ্ধে চোকা নজৰ ৰাজ্য চৰকাৰৰ ৷ শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ মন্তব্য,বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে অসম চৰকাৰে কোনোধৰণৰ সিদ্ধান্ত লোৱা নাই ৷ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত আগধন লোৱা এচাম দালালৰ পৰা ৰাইজক সজাগ হ'বলৈ আহ্বান ৷

তেজপুৰ, 16 অক্টোবৰ: বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ মিছা লালসা দি ধন সংগ্ৰহত নামিছে এচাম দালাল ৷ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰে চোকা নজৰ দিছে ৷ এচাম দালালে অফ ৱাইন অৰ্থাৎ বিলাতী সুৰা প্ৰদানৰ নামত এনেদৰে ধন সংগ্ৰহ কৰা কাৰ্যৰ সন্দৰ্ভত এখনি সংবাদমেল সম্বোধন কৰি শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক শৰ্মাই কয় যে অসম চৰকাৰে এনে ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷

বিলাতী সুৰাৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান নকৰে অসম চৰকাৰে

শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভা কক্ষত অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা আৰু জিলা আবকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়াই জনাই যে অসম চৰকাৰে অফ ৱাইন অৰ্থাৎ বিলাতী সুৰাৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ তেওঁলোকে জানিবলৈ দিয়ে যে অনুজ্ঞাপত্ৰ দিয়াৰ নামত এচাম দালালে আগধন লৈ মানুহক বিপথে পৰিচালিত কৰিছে ৷ ৰাইজক এনে লোকৰ পৰা সাৱধানে থাকিবলৈ জনোৱাৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাইজক তেওঁলোকে আহ্বান জনাই ৷ উল্লেখ্য যে বৰ্তমান শোণিতপুৰ জিলাত মুঠ ৭৪ খন বিলাতী সুৰাৰ বিপণী আৰু বাৰ আছে ৷

লগতে পঢ়ক: লেজাই কলাখোৱাৰ বানে ধোৱা পথাৰত নজ্বলে কঙালীৰ বন্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.