ETV Bharat / state

শোণিতপুৰ প্ৰশাসনৰ বিশেষ পদক্ষেপ, চাৰিশ বছৰীয়া স্তম্ভলিপি সংৰক্ষণৰ ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:44 PM IST

Preserving Inscription : চাৰিশ বছৰৰ পূৰ্বৰ ক্ষয় যাবলৈ ধৰা এখন স্তম্ভ লিপি সম্প্ৰতি শোণিতপুৰ প্ৰশাসনে সংৰক্ষণৰ বাবে আৰম্ভ কৰা প্ৰয়াসৰ আজি শুভাৰম্ভ ঘটে ৷ টাই-আহোম পৰম্পৰা অনুসৰি আজি এক মাংগলিক পৰিৱেশত শিলান্যাস কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

Preserving Inscription
শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

স্তম্ভ লিপি সংৰক্ষণৰ ব্যৱস্থা

তেজপুৰ, 8 জানুৱাৰী : অসমৰ চাৰিশ বছৰৰ পূৰ্বৰ এক ঐতিহাসিক গৌৰৱ গাথাক সাৱটি পৰৱৰ্তী সময়ত ক্ষয় যাবলৈ ধৰা এখন স্তম্ভলিপি সম্প্ৰতি শোণিতপুৰ প্ৰশাসনে সংৰক্ষণৰ বাবে আৰম্ভ কৰা নব্য প্ৰয়াসৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ ঘটে ৷ আহোম সেনাৰ বিজয়ৰ গাথা উল্লেখ থকা এই স্তম্ভলিপিখন 1916 ত তেজপুৰৰ চাব ডেপুটি কালেক্টৰ হৈ থাকোতেই পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে "আলোচনী" শীৰ্ষক আলোচনীত পাঠোদ্ধাৰ সম্বলিত বিষদ ব্যাখ্যা আগবঢ়াইছিল ৷

পৰৱৰ্তী সময়ত বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰ, পুৰোধা সাহিত্যিক ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগৰ পৰা তেজপুৰৰ ড৹ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ পৰা অনেক বিদ্যান তথা গৱেষকে অধ্যয়ন কৰিছিল ৷ স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু কলিয়া ভোমোৰা বৰফুকনৰ শৌৰ্য-বীৰ্যৰ স্বাক্ষৰ বহন কৰা আৰু ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সুদীৰ্ঘকাল অনাদৃত হৈ থকা শিলালেখ এতিয়া শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশী-বিদেশী পৰ্যটকৰ বাবে আৰু ইতিহাস অনুসন্ধিৎসু লোকৰ বাবে এতিয়াৰে পৰা আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব ৷ উল্লেখ্য যে পূৰ্বে শিলৰ পৰা কটা এক স্তম্ভত থকা শিলালেখখন শেহতীয়াকৈ শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ তৎপৰতাত অধিকাংশ মাটিত পোত খাই থকা অৱস্থাত আন গুৰুত্বপূৰ্ণ শিলালেখ সম্বলিত গুৰুত্বপূৰ্ণ অংশ খান্দি উলিয়াই সংৰক্ষণৰ উদ্দেশ্যে সংৰক্ষিত বনাঞ্চলৰ মাজৰ পৰা স্থানান্তৰ কৰা হয় ৷

সম্প্ৰতি ইয়াক এখন আকৰ্ষণীয় উদ্যানসহ সংৰক্ষণ আৰু সংবৰ্ধনৰ জিলা প্ৰশাসনৰ দৃষ্টান্তমূলক প্ৰকল্পৰ টাই আহোম পৰম্পৰা অনুসৰি আজি এক মাংগলিক পৰিৱেশত শিলান্যাস কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ বিশিষ্ট ইতিহাসবিদ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিত্যানন্দ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ইতিহাস অনুসন্ধিৎসু ড৹ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, ড৹ ৰমেশ চন্দ্ৰ কলিতা, অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওট, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শিলান্যাস কৰি সাংসদ মাৰ্ঘেৰিটাই নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা এক কোটি টকা আগবঢ়ায় ৷

শোণিতপুৰ জিলাৰ কল্যাণমূলক কামৰ বাবে খৰছ কৰাৰ বিপৰীতে অসমীয়া জাতিৰ স্বাভিমান জড়িত হৈ থকা আৰু উত্তৰ পুৰুষে বিদ্যায়তনিক ক্ষেত্ৰত গৱেষণালব্ধভাৱে আগবাঢ়িব পৰা এনে এক প্ৰকল্পলৈ সাংসদ পুঁজিৰ ধন আগবঢ়াব পাৰি নিজেকে ধন্য হোৱা বুলি কয় সাংসদগৰাকীয়ে ৷ তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত মিশ্ৰই সমগ্ৰ প্ৰকল্পটোৰ বিষয়ে সদৰি কৰি আদৰণী ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংসদ মাৰ্ঘেৰিটাই অসমীয়া জাতীয় জীৱন গৰিমামণ্ডিত কৰিব পৰা অসমীয়া জাতি শৌৰ্য-বীৰ্যৰ স্মৃতি বিজড়িত সকলো স্মৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

তেওঁ আহোম তথা অসমীয়াৰ এই শৌৰ্য-বীৰ্য চাউলুং চুকাফাত আৰম্ভ হৈ অকল লাচিত বৰফুকনতে সমাপ্ত হোৱাৰ কথা জানিলে নহ'ব বুলি উল্লেখ কৰি লগতে বহু স্বৰ্গদেউৰ বীৰ গাথা, বহু আহোম সেনাৰ বীৰত্বৰ কাহিনী আজিও লুপ্ত হৈ আছে আৰু সেইবোৰ চৰ্চাৰ মাজলৈ আনিব পাৰিলে প্ৰত্যেক অসমীয়াৰে জাতি প্ৰেম আৰু জাগ্ৰত হ'ব বুলি মন্তব্য কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এনে দিশ সমূহত অধিক সংবেদনশীল বুলি মন্তব্য কৰাৰ লগতে এই প্ৰয়াসৰ বাবে জিলা আয়ুক্তক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যসভাৰ সাংসদজনে ৷

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলৈ লাজ পাব লাগে ৰাহুল গান্ধীয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.